অসম

assam

ETV Bharat / sports

বিশ্বকাপ 2023: কোন হ’ব শ্ৰেষ্ঠ খেলুৱৈ ? দৌৰত কোহলি-শ্বামী-জাম্পা - Mohammed Shami

ভাৰতীয় দলৰ অভিজ্ঞ বেটছমেন বিৰাট কোহলী আৰু তাৰকা বলাৰ মহম্মদ ছামীয়ে আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৩ত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । এতিয়া এই দুয়োগৰাকী খেলুৱৈয়ে ২০২৩ চনৰ বিশ্বকাপত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰাৰ যোগ্যতা অৰ্জন কৰিছে ।

Cricket World Cup 2023
World Cup 2023

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 10:47 PM IST

স্প’ৰ্টছ ডেস্ক, ১৭ নৱেম্বৰ: আই চি চি ক্ৰিকেট এদিনীয়া বিশ্বকাপ ২০২৩ এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । ১৯ নৱেম্বৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন । ইয়াৰ পিছত আমি এইবাৰৰ বিশ্ব চেম্পিয়ন পাম । এতিয়া ভাৰত হ’ব নে অষ্ট্ৰেলিয়া, সময়েহে ক’ব । কিন্তু তাৰ আগতে আমি আপোনালোকক ক’ম কোনে ২০২৩ চনৰ বিশ্বকাপ প্ৰতিযোগিতাৰ খেলুৱৈৰ আটাইতকৈ ডাঙৰ বঁটাটি লাভ কৰিব পাৰে ।

বিশ্বকাপত সৰ্বোত্তম প্ৰদৰ্শন কৰা খেলুৱৈক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হ’ব । এই বঁটাৰ তালিকাত ভাৰতীয় দলৰ তাৰকা বেটছমেন বিৰাট কোহলী আৰু উৎকৃষ্ট বলাৰ মহম্মদ শ্বামীৰ নাম আগস্থানত আছে । এই দুজনৰ বাহিৰেও অষ্ট্ৰেলিয়াৰ লেগ স্পিন বলাৰ এডাম জাম্পাক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।

শ্ৰেষ্ঠ বেটছমেনে পাবনে টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা ?

এই ছিজনত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনজন হৈছে বিৰাট কোহলী । ১০খন মেচৰ ১০ টা ইনিংছত তেওঁৰ নামত ৭১১ ৰান আছে । কোহলীয়ে ৫টা অৰ্ধশতক আৰু ৩টা শতক অৰ্জন কৰিছে । তেওঁৰ উপৰিও শীৰ্ষ ৫ জন সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ ভিতৰত আছে কুইণ্টন ডি কক (৫৯৪), ৰাচিন ৰবিন্দ্ৰ (৫৭৮), ডেৰিল মিচেল (৫৫২) আৰু ৰোহিত শৰ্মা (৫৫০)। ৰোহিত শৰ্মাৰ বাহিৰে সকলো খেলুৱৈৰ বিশ্বকাপৰ অভিযান শেষ । এনে পৰিস্থিতিত বিৰাট কোহলীক অভাৰটেক কৰাটো কাৰো বাবে সম্ভৱ নহয় । এই টুৰ্ণামেণ্টত প্লেয়াৰ অৱ দ্য মেচৰ বিজয়ৰ সবল প্ৰতিদ্বন্দ্বী বিৰাট ।

কোনজন বলাৰ দখল কৰিব প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটা ?

২০২৩ চনৰ বিশ্বকাপতো আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে বলাৰসকলে । এই সংস্কৰণৰ সৰ্বাধিক উইকেট দখল কৰিছে টীম ইণ্ডিয়াৰ অভিজ্ঞ বেগী বলাৰ মহম্মদ শ্বামী । ৫.০১ ইকনমিৰে ৬ খন মেচত ২৩ টা উইকেট দখল কৰিছে শ্বামীয়ে । এই সময়ছোৱাত তেওঁ তিনিবাৰকৈ পাঁচটা উইকেট আৰু এবাৰ চাৰিটা উইকেট দখল কৰিছে । এই ছিজনত সৰ্বাধিক উইকেট দখল কৰা বলাৰৰ শীৰ্ষ ৫ গৰাকীৰ তালিকাত আদম জাম্পা (২২), দিলশ্বান মধুশংকা (২১), জেৰাল্ড কোট্জী (২০) আৰু যশপ্ৰীত বুমৰা (১৮) আছে । ইয়াৰ ভিতৰত মধুশংকা আৰু কোট্জীৰ অভিযান এই বিশ্বকাপত শেষ হৈছে ।

এতিয়া এডাম জাম্পা আৰু যশপ্ৰীত বুমৰাহে উজ্জ্বল প্ৰদৰ্শন কৰাৰ সুযোগ পাব আৰু প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বাবে নিজৰ প্ৰদৰ্শন বাজিত লগাব । ১৯ নৱেম্বৰত আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখনত যদি জাম্পাই ২ টা উইকেট দখল কৰে আৰু শ্বামী উইকেটবিহীন হৈ থাকে, তেন্তে জাম্পা টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাৰ প্ৰতিদ্বন্দ্বী হৈ পৰিব । গতিকে যদি যশপ্ৰীত বুমৰাহে ৬ টা উইকেট লয় তেন্তে তেওঁ শ্বামীক অতিক্ৰম কৰি প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ দাবীদাৰ হ’ব ।

লগতে পঢ়ক:ফাইনেলত কেনে হ’ব মহম্মদ শ্বামীৰ ভূমিকা ?

যদিহে শ্বামীয়ে ফাইনেলত এতিয়াৰ দৰে প্ৰদৰ্শন কৰে, তেন্তে জাম্পা আৰু বুমৰাহে টুৰ্ণামেণ্টৰ খেলুৱৈৰ বাবে দাবী বাজি ধৰাৰ কোনো সুযোগ নাপাব । ছেমি ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে কঠিন সময়ত শ্বামীয়ে ৭টা উইকেট দখল কৰে । এতিয়া যদি শ্বামীয়ে ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫ বা তাতকৈ অধিক উইকেট লয়, তেন্তে তেওঁ লাভ কৰিব পাৰে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটা।

কোহলী আৰু শ্বামীৰ মাজত টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ যুদ্ধ :

আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিব পাৰে বিৰাট কোহলী বা মহম্মদ শ্বামীয়ে । বিৰাট কোহলীয়ে আৰম্ভণিৰে পৰা সকলো মেচ খেলি ভাল প্ৰদৰ্শন কৰি বেটেৰে ৰান সংগ্ৰহ কৰিছে । ইফালে মহম্মদ শ্বামীক প্ৰথম ৪ খন মেচৰ পৰা আঁতৰাই ৰখা হৈছিল । তেওঁ দলত স্থান লাভ কৰা নাছিল । আঘাতৰ বাবে হাৰ্দিক বাহিৰ হোৱাৰ পিছত তেওঁক দলত স্থান দিয়া হৈছিল ।

দুয়োহাতেৰে এই সুযোগ গ্ৰহণ কৰি শ্বামীয়ে মাত্ৰ ৬খন মেচতে সৰ্বাধিক উইকেট দখল কৰা বলাৰ হৈ পৰিল । ভাৰতীয় পিটচ বেটছমেন আৰু স্পিন বলাৰৰ বাবে প্ৰায়ে সহায়ক হয় । এনে পৰিস্থিতিত আনৰ তুলনাত বেগী বলাৰ হিচাপে কম মেচ খেলা মহম্মদ ছামীয়ে ইমানেই আচৰিত প্ৰদৰ্শন অৰ্জন কৰিছে যে তেওঁক টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা উচিত ।

২০২৩ চনৰ বিশ্বকাপত সৰ্বাধিক ছয় আৰু চাৰি কোবোৱা বেটছমেন :

  • এই বিশ্বকাপত সৰ্বাধিক ছয় কোবোৱাৰ ক্ষেত্ৰতো ভাৰতীয় খেলুৱৈসকল আগবাঢ়ি আছে । বেটেৰে আলোড়নৰ সৃষ্টি কৰি এই ছিজনত সৰ্বাধিক ছয়ৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৰোহিত শৰ্মাই । তেওঁৰ পিছত এই তালিকাৰ দ্বিতীয় ভাৰতীয় বেটছমেন হৈছে শ্ৰেয়াছ আয়াৰ।
  • ৰোহিত শৰ্মা- ২৮
  • শ্ৰেয়াস আয়াৰ- ২৪
  • ডেভিড ৱাৰ্নাৰ- ২৪
  • গ্লেন মেক্সৱেল- ২২
  • ডেৰিল মিচেল- ২২
  • ২০২৩ চনৰ বিশ্বকাপত সৰ্বাধিক চাৰি কোবোৱাৰ কৰাৰ ক্ষেত্ৰতো ভাৰতীয় বেটছমেনৰ আধিপত্য আছে ৷ টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে এই সংস্কৰণত সৰ্বাধিক চাৰি কোবাই তালিকাত শীৰ্ষ স্থান দখল কৰিছে । তেওঁৰ পিছতে ৰোহিত শৰ্মা দ্বিতীয় সৰ্বাধিক চাৰি কোবোৱা বেটছমেন হৈয়ে আছে ।
  • বিৰাট কোহলী- ৬৪
  • ৰোহিত শৰ্মা- ৬২
  • কুইণ্টন ডি কক- ৫৭
  • ৰচিন ৰবিন্দ- ৫৫
  • ডেভন কনৱে- ৫৪
লগতে পঢ়ক:ৰোহিত শৰ্মা; ভাৰতৰ বিশ্বকাপ ২০২৩ অভিযানৰ বিশ্বস্ত সেনাপতি

ABOUT THE AUTHOR

...view details