অসম

assam

ETV Bharat / sports

World Cup 2023: চেম্পিয়নছ ট্ৰফীত স্থান নিশ্চিত কৰাৰ সুযোগ বিচাৰিছে ইংলেণ্ডে - ICC World Cup 2019 champion

চলিত বিশ্বকাপত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ দুৰ্বল প্ৰদৰ্শনে সকলোকে আচৰিত কৰি তুলিছে ৷ যাৰ ফলত চেম্পিয়নছ ট্ৰফীত স্থান নিশ্চিত হোৱা নাই ইংলেণ্ডৰ ৷

World Cup 2023
World Cup 2023

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 10:38 PM IST

স্প’ৰ্টছ ডেস্ক, 10 নৱেম্বৰ: বিশ্বকাপৰ ডিফেণ্ডিং চেম্পিয়নৰ প্ৰতি এইবাৰ যেন কোনো উৎসাহ নাই । চলিত বিশ্বকাপৰ সম্ভাৱ্য চেম্পিয়নৰ তালিকাৰ শীৰ্ষত আছিল ইংলেণ্ড । সম্ভাৱনা আৰু বাস্তৱৰ মাজৰ বৃহৎ ব্যৱধান পৰিলক্ষিত হৈছে । শেষবাৰৰ বাবে চেম্পিয়ন হোৱা দলটোৱে সমগ্ৰ প্ৰতিযোগিতাখনতে এক হাতাশাজনক প্ৰদৰ্শন আগবঢ়াইছে ।

পৰিস্থিতি ইমানেই বেয়া যে চেম্পিয়নছ ট্ৰফীত স্থান নিশ্চিত হোৱা নাই ইংলেণ্ডৰ । শনিবাৰে ইডেন গাৰ্ডেনত ইংলেণ্ডৰ বিৰুদ্ধে মুখামুখি হ’ব পাকিস্তান । এই মেচখনৰ ফলাফলে প্ৰতিযোগিতাখনৰ ওপৰত কোনো গধুৰ প্ৰভাৱ পেলাব নোৱাৰিব ।

অৱশ্যে ইংৰাজ ক্ৰিকেটৰ সোণালী যুগৰ প্ৰায়বোৰ খেলুৱৈৰ ক্ৰিকেট কেৰিয়াৰৰ অন্ত পৰিবলৈ গৈ আছে । অল ৰাউণ্ডাৰ বেন ষ্ট’কছ, জো ৰুট, ডাৱিদ মালান, ক্ৰীছ ৱ’কেছ, ম’ইন আলী, আদিল ৰছিদ, আৰু জনী বেয়াৰষ্ট’ৱে শেষবাৰৰ বাবে এদিনীয়া বিশ্বকাপ খেলিছে । দুৰ্বল প্ৰদৰ্শনৰ জৰিয়তে নক আউট হোৱাটোৱে ইংৰাজ ক্ৰিকেটৰ ভৱিষ্যত বিপদত পেলাইছে ।

সংবাদমেলত ইংলেণ্ডৰ দাৱিদ মালানে কয়, "আমি ছেমি ফাইনেলত প্ৰৱেশৰ লক্ষ্য লৈছিলোঁ । তাৰ বাবে আমি প্ৰস্তুতি চলাইছিলোঁ । কিন্তু আমি নিজকে প্ৰমাণ কৰিব পৰা নাছিলোঁ ।"

অৱশ্যে শেহতীয়াকৈ ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰদৰ্শন যথেষ্ট ভাল । ২০১৯ চনত বিশ্ব চেম্পিয়ন হোৱাৰ উপৰিও ইংলেণ্ডে ইয়াৰ পিছৰ বছৰবোৰতো সীমিত অভাৰৰ খেলখনত আধিপত্য দেখুৱাইছে ।

ইংলেণ্ডে এতিয়া চেম্পিয়নছ ট্ৰফীত স্থান নিশ্চিত কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাব আৰু শনিবাৰে ইডেন গাৰ্ডেনত পাকিস্তানৰ বিৰুদ্ধে শেষখন খেলত অংশগ্ৰহণ কৰিব ।

‘‘‘চেম্পিয়নছ ট্ৰফীত স্থান নিশ্চিত কৰিবলৈ আমি জয়ী হ’ব লাগিব । আমাৰ নিজৰ স্থান নিশ্চিত কৰিব পাৰিম নে নাই নাজানো । কিন্তু চেষ্টা কৰিব লাগিব । আমি সেইটোৱেই কৰিম ।’’ ক্ৰিকেট ভৱিষ্যতৰ বিষয়ে পোনপটীয়াকৈ একো নক’লেও দাৱিদ মালানে লঘু স্বৰেৰ এইদৰে কয় ।

অৱশ্যে বৰ্তমানৰ বিশ্বকাপ ক্ৰিকেট জীৱনৰ অন্তিমখন ডাঙৰ প্ৰতিযোগিতা বুলি স্বীকাৰ কৰে দাৱিদ মালানে ।

লগতে পঢ়ক:ICC suspends Sri Lanka Cricket: শ্ৰীলংকাৰ ক্ৰিকেট দলক আই চি চিৰ সদস্য পদৰ পৰা নিলম্বন

ABOUT THE AUTHOR

...view details