স্পৰ্টছ ডেস্ক, 25 অক্টোবৰ : 2023 চনৰ ক্ৰিকেট বিশ্বকাপত 5 খন খেলৰ ভিতৰত 5 খনতেই জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰতে ৷ এই সময়ছোৱাত বিৰাট কোহলীয়ে বিজয় লক্ষ্য অনুসৰণ কৰিবলৈ আয়োজক দলৰ বাবে এক গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে ৷ অহা 29 অক্টোবৰত ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰত ৷
ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা বাৰ্তালাপত বিৰাট কোহলীয়ে কয়, ‘মই সদায় কাম কৰি আহিছো যে মই প্ৰতিদিনে, প্ৰতিটো অনুশীলন ছেছনত, প্ৰতি বছৰে আৰু প্ৰতিটো ছিজনতে নিজকে কেনেকৈ উন্নত কৰিব পাৰো ৷ এইটোৱেই মোক ইমান দিনে খেলিবলৈ আৰু ভাল প্ৰদৰ্শন কৰাত সহায় কৰিছে ৷ সেই মানসিকতা অবিহনে ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰাটো সম্ভৱ বুলি মই নাভাবো, কাৰণ প্ৰদৰ্শন যদি আপোনাৰ লক্ষ্য হয়, তেন্তে কিছু সময়ৰ পিছত আত্মতুষ্টি ল’ব পাৰি আৰু নিজৰ খেলৰ কাম বন্ধ কৰিব পাৰি ৷'