স্প’ৰ্টছ ডেস্ক, 14 অক্টোবৰ: বিশ্ব ক্ৰিকেটৰ অভিজাত দলসমূহে বিশ্বকাপ দখলৰ বাবে যুঁজ দিয়াৰ সময়তে ক্ৰিকেট অনুৰাগীসকলৰ বাবে এই টুৰ্ণামেন্ট উৎসৱ হিচাপে পৰিগণিত হৈছে । এই টুৰ্ণামেন্টৰ প্ৰতিখন খেলেই গুৰুত্বপূৰ্ণ যদিও, ভাৰত-পাকিস্তানৰ খেলে অনুৰাগীৰ মাজত তীব্ৰ উৎকণ্ঠা আৰু উৎসাহৰ অনুৰণন ঘটায় । শনিবাৰে আহমেদাবাদতো এই কথা স্পষ্ট হৈ পৰে ৷ কিয়নো ২০২৩ চনৰ বিশ্বকাপত দুয়োটা দল মুখা-মুখি হয় আৰু ষ্টেডিয়ামত দৰ্শকৰ বিপুল ভিৰ দেখা যায় ।
ভাৰতে ৫০ অভাৰৰ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছিল ৷ ইয়াৰ বিপৰীতে পাকিস্তানেও তীব্ৰ প্ৰতিদ্বন্দ্বী দলটোক পৰাভূত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল ।
কিন্তু ভাৰতে পাকিস্তানৰ বাবে সেয়া সম্ভৱ নহ’ল ৷ পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰি ভাৰতে বিশ্বকাপৰ ইতিহাসত দলটোৰ বিৰুদ্ধে নিজৰ জয়ৰ ধাৰা ৮-০ লৈ বৃদ্ধি কৰিছে । ভাৰতে বাবৰ আজমৰ নেতৃত্বাধীন দলটোক ১৯১ ৰানত অল আউট কৰাৰ পিছত মাত্ৰ ৩০.৩ অভাৰতে লক্ষ্যত উপনীত হয় । অধিনায়ক ৰোহিত শৰ্মাই ৮৬ ৰান সংগ্ৰহ কৰে ৷ ইনিংছটোত তেওঁ মুঠ ছটা বাউণ্ডেৰী আৰু ছটা অভাৰ বাউণ্ডেৰী কোবাই ।
এই দুয়োটা দলে প্ৰথমবাৰৰ বাবে ১৯৯২ চনত বিশ্বকাপৰ এখন খেলত মুখামুখি হৈছিল যেতিয়া ভাৰতে এই তীব্ৰ প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে । সেইখন খেলত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ মেন ইন ব্লুৰ হৈ আক্ৰমণাত্মক উঠে আৰু তেওঁৰ দলটোক মুঠ ২১৬/৭ ৰানত উপনীত কৰে ৷ ইয়াৰ বিপৰীতে পাকিস্তানে ১৭৩ ৰানত অল আউট হয় ।
মেচখনত কিংবদন্তি জাভেদ মিঞাদাদ আৰু ভাৰতৰ প্ৰাক্তন ষ্টাম্পাৰ কিৰণ ম’ৰৰ ৰসাল কিছু ৰসাল কথাও আছিল, যিটো খেলখনৰ অন্যতম চৰ্চাৰ বিষয় হৈ পৰিছিল । ইয়াৰ চাৰি বছৰৰ পাছত বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ভাৰতে পুনৰ ৩৯ ৰাণত পৰাস্ত কৰে পাকিস্তানক । কিন্তু এইবাৰ বিপৰীত পক্ষৰ খেলুৱৈৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতাত স্লেজিঙৰ প্ৰতি এক উত্তম সঁহাৰি দেখা গ’ল ।
আমিৰ সোহিলে পাকিস্তানৰ ইনিংছটো বিস্ফোৰক ধৰণেৰে আৰম্ভ কৰিছিল ৷ আনকি তেওঁ ভাৰতৰ প্ৰাক্তন পেচাৰ ভেংকটেশ প্ৰসাদৰ পৰৱৰ্তী ডেলিভাৰীত শ্বট মাৰিবলগীয়া অঞ্চলটোলৈও আঙুলিয়াই দিছিল । অৱশ্যে প্ৰসাদে নিজৰ নিয়ন্ত্ৰণ নেহেৰুওৱাকৈ উপযুক্তভাৱে সঁহাৰি দিয়ে । পৰৱৰ্তী বলটোত প্ৰসাদে সোহিলক ব’ল্ড কৰি পেভিলিয়নৰ দিশলৈ আঙুলিয়াই দিয়ে ।