অসম

assam

ETV Bharat / sports

ICC World Cup 2023: হাছিম আমলাক অতিক্ৰম শুভমন গিলৰ, এদিনীয়াত দ্ৰুততম দুহেজাৰ ৰাণ সংগ্ৰহ - Hashim Amla

এদিনীয়াত দ্ৰুততম 2000 ৰাণ সম্পূৰ্ণ কৰা বেটছমেন হিচাবে পৰিগণিত হ’ল শুভমন গিল ৷ ভাৰতীয় খেলুৱৈজনে এই কৃতিত্ব অৰ্জন কৰিবলৈ মাত্ৰ 38 ইনিংছ খেলিছে ৷

ICC World Cup 2023
হাছিম আমলাক অতিক্ৰম শুভমন গিলৰ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 10:15 PM IST

স্পৰ্টছ ডেস্ক, 22 অক্টোবৰ : 274 ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গিলৰ অ’পেনিং যুটিয়ে নিউজীলেণ্ডৰ বিৰুদ্ধে খেলখনত ভাৰতৰ বাবে এক সুদৃঢ় আৰম্ভণি কৰে ৷ ইয়াৰ অংশ হোৱাৰ উপৰিও ঘৰুৱা ক্ৰিকেটত পঞ্জাৱৰ হৈ খেলা গিলৰ বাবে ই দুগুণ আনন্দৰ কথা আছিল যে তেওঁ শেহতীয়াকৈ ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিছে ৷

এদিনীয়াত দ্ৰুততম 2000 ৰাণ সংগ্ৰহ কৰা খেলুৱৈ হোৱাৰ মাইলৰ খুঁটিত উপনীত হ’বলৈ খেলৰ পূৰ্বে শুভমন গিলক 12 ৰাণৰ প্ৰয়োজন হৈছিল আৰু তেওঁ কিৱি দলৰ ফাষ্ট বলাৰ ট্ৰেণ্ট ব’ল্টৰ ডেলিভাৰীত এই ৰাণৰ লক্ষ্যত উপনীত হয় ৷ গিলে বাউণ্ডেৰী কোবাবলৈ এটা কভাৰ ড্ৰাইভ খেলিছিল আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেটছমেন হাছিম আমলাক অতিক্ৰম কৰি এদিনীয়াত দ্ৰুততম 2000 ৰাণ সম্পূৰ্ণ কৰা বেটছমেন হিচাবে পৰিগণিত হয় ৷ 2011 চনত আমলাই 40 টা ইনিংছত 2000 এদিনীয়া ৰাণ সম্পূৰ্ণ কৰাৰ বিপৰীতে ভাৰতীয় খেলুৱৈজনে এই কৃতিত্ব অৰ্জন কৰিবলৈ মাত্ৰ 38 ইনিংছ খেলিছিল ৷

খেল আৰম্ভ হোৱাৰ পূৰ্বে যোৱা চাৰিটা ইনিংছত তিনিটা অৰ্ধশতক অৰ্জন কৰি দুৰ্দান্ত ফৰ্মত আছে শুভমন গিলে ৷ লগতে তেওঁৰ এদিনীয়া কেৰিয়াৰ এতিয়ালৈকে চমৎকাৰ আৰু আজিৰ খেলৰ পূৰ্বে এদিনীয়া ক্ৰিকেটত গড়ে 64.06 ৰাণ সংগ্ৰহ কৰিছে গিলে ৷ লগতে ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰ, তাৰকা বেটছমেন তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলী, যুৱৰাজ সিং, আৰু সুৰেশ ৰাইনাৰ পিছত 2000 এদিনীয়া ৰাণ সংগ্ৰহ কৰা তেওঁ আটাইতকৈ কম বয়সীয়া ভাৰতীয় ক্ৰিকেটাৰ ৷ যোৱা দুবছৰত শুভমন গিলে প্ৰতি বছৰে গড়ে প্ৰায় 70 টা আৰু 100 ৰ ওপৰত ষ্ট্ৰাইক ৰেট লাভ কৰিছে ৷ দেওবাৰে নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত গিলে 31 টা বলত 26 ৰাণ সংগ্ৰহ কৰে ৷

লগতে পঢ়ক :ICC world cup 2023: ধৰমশালাত ভাৰতক 274 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিলে কিৱি বাহিনীয়ে

ABOUT THE AUTHOR

...view details