অসম

assam

ETV Bharat / sports

WORLD CUP 2023: আঘাতপ্ৰাপ্ত অৱস্থাৰেই বিস্ফোৰক ইনিংছ খেলা মেক্সৱেলক প্ৰশংসা শচীন তেণ্ডুলকাৰৰ

আফগানিস্তানৰ বিৰুদ্ধে মঙলবাৰে মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত 201 ৰাণৰ অপৰাজিত ইনিংছৰ বাবে অষ্ট্ৰেলিয়ান অল্ ৰাউণ্ডাৰ গ্লেন মেক্সৱেলক প্ৰশংসা ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ

WORLD CUP 2023
WORLD CUP 2023

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 9:35 PM IST

স্প’ৰ্টছ ডেস্ক, 8 নৱেম্বৰ: মঙলবাৰে মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক আফগানিস্তানৰ বিৰুদ্ধে তিনি উইকেটৰ ঐতিহাসিক জয়লাভ কৰাত সহায় কৰা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলক তেওঁৰ অপৰাজিত 201 ৰাণৰ ইনিংছৰ বাবে প্ৰশংসা কৰে কিংবদন্তি শচীন তেণ্ডুলকাৰে ।

২০১ ৰানৰ অপৰাজিত ইনিংছটোত গ্লেন মেক্সৱেলে যিধৰণৰ খেল প্ৰদৰ্শন কৰিলে, সেয়া নিঃসন্দেহে যুগ যুগ ধৰি ক্ৰিকেটপ্ৰেমীৰ মনত সজীৱ হৈ থাকিব থাকিব । গোটেই ইনিংছটোত ক্ৰেম্প আৰু নিগলৰ সমস্যাৰ সৈতে যুঁজি থকাৰ পিছতো এই ইনিংছে তেওঁৰ মানসিক কঠোৰতা, দক্ষতা, গ্ৰিট আৰু দৃঢ়তা দেখুৱাইছিল ।

​মেক্সৱেলে বহুবাৰ ক্ৰেম্প আৰু পিঠিৰ সমস্যাৰ বাবে অৱসৰ ল’বলগীয়া হৈছিল আৰু খোজ কাঢ়িব পৰা নাছিল ৷ কিন্তু তথাপিও, তেওঁ শাৰীৰিক অস্বস্তিক আঁতৰাই থৈ থিয় হৈ এটা চাঞ্চল্যকৰ ইনিংছ খেলিলে । তেওঁ ২১টা চাৰি আৰু ১০টা ছয় কোবাই এদিনীয়াত দ্বিশতক কৰা প্ৰথমজন অষ্ট্ৰেলিয়ান খেলুৱৈ হিচাপে পৰিগণিত হয় ।

শচীন তেণ্ডুলকাৰে মেক্সৱেলৰ ক্ৰেম্পৰ বাবে ভৰিৰ কাম সীমিত হোৱাৰ পিছত ‘হাত-চকু’ৰ সমন্বয়ৰ ব্যৱহাৰৰ কথা আঙুলিয়াই দিয়ে ।

"জীৱন আৰু ক্ৰিকেটৰ বহু সমান্তৰালতা আছে । কেতিয়াবা স্প্ৰীঙৰ দৰে যিটোৱে আপোনাক পিছলৈ টানি আনে, সেইটোৱেই আপোনাক আগুৱাই লৈ যায় । কালিৰ খেলৰ সময়ত মেক্সৱেলৰ ক্ৰেম্পে তেওঁৰ ভৰিৰ কামত বাধাৰ সৃষ্টি কৰিছিল । তেনেকৈয়ে তেওঁ ক্ৰীজত থিয় হৈ থাকিবলগীয়া হৈছিল ৷ কিন্তু তাৰ বাবেই তেওঁ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল । এটা স্থিৰ মস্তিস্ক, বলটো ভালদৰে চোৱা আৰু তেওঁৰ হাত-চকুৰ সমন্বয়ক কামটো কৰিবলৈ দিয়া, ব্যতিক্ৰমী বেটৰ গতিৰ দ্বাৰা সমৰ্থিত । খেলৰ বিভিন্ন ফৰ্মেট আৰু খেলৰ পৰ্যায়ত বিভিন্ন ফুটৱৰ্কৰ প্ৰয়োজন হয় ।’’ ৪৬৩খন এদিনীয়া খেলৰ অভিজ্ঞতাপুষ্ট খেলুৱৈ শচীন তেণ্ডুলকাৰে পূৰ্বতে টুইটাৰ নামেৰে জনাজাত ‘X’ত পোষ্ট কৰে ৷

গোটেই চুপাৰলেটিভ নকটোৰ সময়ছোৱাত অষ্ট্ৰেলিয়ানগৰাকীয়ে প্ৰথম দ্বিশতকৰে বহু অভিলেখ গঢ়িছিল । ইতিমধ্যে এদিনীয়াৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ বুলি প্ৰশংসা কৰা ইনিংছটোত তেওঁ ১২৮ টা বলত ২০১ ৰান সংগ্ৰহ কৰে ।

যোৱা মাহৰ পহিলাতে অভিযানৰ আৰম্ভণি মধ্যমীয়া হোৱাৰ পাছত বুধবাৰে আফগানিস্তানৰ বিৰুদ্ধে চলি থকা বিশ্বকাপত অষ্ট্ৰেলিয়াই একেৰাহে ষষ্ঠবাৰৰ বাবে জয়লাভ কৰি চলি থকা বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা তৃতীয়টো দল হিচাপে পৰিগণিত হয় । এতিয়া ১১ নৱেম্বৰ শনিবাৰে পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বাংলাদেশৰ বিৰুদ্ধে খেলিব অষ্ট্ৰেলিয়াই ।

লগতে পঢ়ক:World Cup 2023: মেক্সৱেলৰ ঐতিহাসিক দ্বিশতক; আফগানিস্তানৰ বিৰুদ্ধে 3 উইকেটত জয়ী কেংগাৰু বাহিনী

ABOUT THE AUTHOR

...view details