স্পৰ্টছ ডেস্ক,১২ নৱেম্বৰ :চলিত আইচিচি বিশ্বকাপ ক্ৰিকেট ২০২৩ ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাৰ বাবে বিশেষ হিচাপে দেখা গৈছে । তেওঁৰ নেতৃত্ব প্ৰশংসনীয় হৈ পৰিছে । যাৰ বাবে দলটোৱে লীগ পৰ্যায়ৰ এখনো মেচ পৰাস্ত হোৱা নাই । পইণ্ট তালিকাৰো শীৰ্ষত থাকি দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । অৱশ্যে চলিত বিশ্বকাপত ৰোহিত শৰ্মাই ব্যক্তিগতভাৱেও কেইবাটাও অভিলেখ সৃষ্টি কৰিছে ।
দেওবাৰে ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত খেলখনতো ৰোহিত শৰ্মাই বেটেৰে আন এক অভিলেখ গঢ়িলে । ৰোহিত শৰ্মাই নেদাৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমটো ছিক্সাৰ কোবোৱাৰ লগে লগে তেওঁ এবছৰত সৰ্বাধিক ছিক্সাৰ কোবোৱা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে । তেওঁ এই বছৰ সৰ্বাধিক ৫৯ টা ছিক্সাৰ কোবাইছে ।
ইয়াৰ পূৰ্বে, এবছৰত সৰ্বাধিক ছিক্সাৰৰ অভিলেখ আছিল এ বি ডি ভিলিয়ৰ্ছৰ নামত । তেওঁ ২০১৬ চনত সৰ্বাধিক ৫৮ টা ছিক্সাৰ কোবাইছিল । তাৰ পাছত, ২০১৯ চনত ক্ৰিছ গেইলে ৫৬ টা ছিক্সাৰ কোবাইছিল । কিন্তু তেওঁ এ বি ডি ভিলিয়ৰ্ছৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে । কিন্তু চলিত বিশ্বকাপত ৰোহিতে ৫৯ টা ছিক্সাৰৰ সৈতে এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে ।