স্পৰ্টছ ডেস্ক, ২৮ ছেপ্টেম্বৰ : চাওঁতে চাওঁতে ক্ৰিকেট বিশ্বকাপ আহি দুৱাৰদলিত উপস্থিত হৈছে । অহা ৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ'ব আইচিচি এদিনীয়া বিশ্বকাপ । এই বিশ্বকাপৰ বাবে প্ৰায় সকলো দল ইতিমধ্যে ভাৰতত আহি উপস্থিত হৈছে । আনহাতে, ক্ৰিকেট বিশ্বকাপৰ এই মহাৰণৰ বাবে খেলুৱৈসকলৰ লগতে ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহো এতিয়া চূড়ান্ত পৰ্যায়ত আছে ।
৫ অক্টোবৰত উদ্বোধনী মেচত বৰ্তমানৰ চেম্পিয়ন ইংলেণ্ড মুখামুখী হ'ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে । এই ২৬ দিনীয়া ক্ৰিকেট মহাৰণত মুঠ ৪৮ খন মেচ অনুষ্ঠিত হ'ব । প্ৰতিটো দলে তেওঁলোকৰ প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে ৯ খনকৈ মেচ খেলিব । আনহাতে, প্ৰতিযোগিতাৰ মূল পৰ্যায় আৰম্ভ হোৱাৰ পূৰ্বে সকলো দলৰ বাবে প্ৰস্তুতি মেচো ৰখা হৈছে । এই প্ৰস্তুতি মেচবোৰ শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব ।
২৯ ছেপ্টেম্বৰ শুকুৰবাৰে দেশৰ বিভিন্ন ষ্টেডিয়ামত তিনিখন অনুশীলন মেচ অনুষ্ঠিত হ'ব । পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত প্ৰথমখন ৱাৰ্ম-আপ মেচ হায়দৰাবাদত অনুষ্ঠিত হ'ব । দ্বিতীয়খন মেচ একেদিনাই দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ'ব । আনহাতে, দিনটোৰ তৃতীয়খন প্ৰস্তুতি মেচ শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ'ব । এই আটাইকেইখন মেচ দিনৰ ১২ বজাত আৰম্ভ হ'ব ।