স্প’ৰ্টছ ডেস্ক, 8 নৱেম্বৰ:যিসকলে মঙলবাৰে অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেট 2023 ৰ 39 সংখ্যক মেচখন উপভোগ কৰিলে, সেইসকল ক্ৰিকেটপ্ৰেমী ৰোমাঞ্চিত হৈ পৰিল ৷ যাৰ বৰ্হিপ্ৰকাশ ইতিমধ্যেই সামাজিক মাধ্যমত দেখা গৈছে ৷ 128 টা বলত 201 ৰাণৰ এটা অবিস্মৰণীয় ইনিংছ খেলি অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰে গ্লেন মেক্সৱেলে কেৱল ক্ৰিকেটপ্ৰেমীকেই নহয়, নিজৰ দলৰ খেলুৱৈৰ লগতে বাকীসকল খেলুৱৈকো আচৰিত কৰি তুলিলে ৷ মেক্সৱেলৰ এই বেটিং বিস্ফোৰণৰ সহায়ত নিশ্চিত পৰাজয়ৰ দিশে গতি কৰা অষ্ট্ৰেলিয়া জয়ী হ’ল আৰু আফগানিস্তানৰ জয়ৰ সপোন ভাগি টুকুৰা-টুকুৰ হৈ পৰিল ৷
খেলখন অনুষ্ঠিত হৈছিল মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ৷ টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছিল আফগানিস্তানে ৷ ইতিমধ্যে পূৰ্বৰ কেইবাখনো খেলত আফগানিস্তাতে সকলোকে আচৰিত কৰি জয়ী হৈ ছেমিফাইনেলৰ দৌৰত আছে ৷ ইব্ৰাহিম জাড্ৰানৰ অনবদ্য শতকৰ সহায়ত নিৰ্ধাৰিত 50 অভাৰত 5 উইকেট হেৰুৱাই আফগানিস্তানে সংগ্ৰহ কৰিছিল 291 ৰাণ ৷ অষ্ট্ৰেলিয়াৰ সমুখত 292 ৰাণৰ লক্ষ্য বৰ বিশেষ কঠিন নাছিল যদিও একেবাৰে সহজো নাছিল ৷
অষ্ট্ৰেলিয়াৰ হৈ অপেনিং কৰিবলৈ আহে ডেভিড ৱাৰ্ণাৰ আৰু ট্ৰেভিছ হেড ৷ 1.2 অভাৰতে কোনো ৰাণ নকৰাকৈ আউট হয় হেড ৷ তাৰ পিচতে 5.4 অভাৰত 24 ৰাণ কৰি পেভিলিয়নমুখী হয় মিচেল মাৰ্শ্ব ৷ তৃতীয় স্থানত বেটিং কৰিবলৈ আহে মাৰ্ণাছ লাবুশ্বেন ৷ কিন্তু 8.1 অভাৰত 18 ৰাণ কৰি ৱাৰ্ণাৰেও বিদায় মাগে ক্ৰীজৰ পৰা ৷ পঞ্চম স্থানত বেটিং কৰিবলৈ অহা জ’চ ইংলিছ কোনো ৰাণ নকৰাকৈয়ে ৰাণ আউট হয় ৷ এইবাৰ বেটিং চম্ভালিবলৈ ক্ৰীজলৈ আহে গ্লেন মেক্সৱেল ৷
মেক্সৱেলে বেটিং আৰম্ভ কৰিছিলহে ৷ তেনেতে লাবুশ্বেনো পেভিলিয়ন মুখী হয় ৷ মাৰ্কাছ ষ্টইনিছ আৰু ষ্টাৰ্কেও সোনকালেই ক্ৰীজৰ পৰা বিদায় মাগে ৷ 18.3 অভাৰত অষ্ট্ৰেলিয়াৰ স্ক’ৰ হয় গৈ 7 উইকেটৰ বিনিময়ত 91 ৰাণ ৷ কিন্তু তেতিয়াও ক্ৰীজত আছিল মেক্সৱেল ৷ আৰম্ভ হ’ল মেক্সৱেলৰ বেটিং পৰাক্ৰম ৷
মুজিব, নবীন, আজমতুল্লাহ, ৰছিদ, নুৰ, নবী; আফগানিস্তানৰ প্ৰতিগৰাকী বলাৰেই দিশহাৰা হৈ পৰিল মেক্সৱেলৰ বেটিং বিস্ফোৰণত ৷ আনফালে, ধীৰ গতিৰে খোপনি ধৰি মেক্সৱেলক সহায় কৰি গ’ল অধিনায়ক কামিনছে ৷ স্ক’ৰ আগবাঢ়িল ৷ লগে লগে বুকুৰ ধপধপনি বাঢ়িল দুয়োদলৰ খেলুৱৈৰ ৷ খেলৰ মাজতে ভৰিৰ আঘাত পায় মেক্সৱেলে ৷ কেংগাৰু বাহিনীৰ চিন্তা বাঢ়ি গ’ল ৷ যদি মেক্সৱেলৰ উইকেট হেৰুৱাই, তেন্তে পৰাজয় নিশ্চিত ৷ কিন্তু মেক্সৱেলে যেন পণ লৈ আহিছিল যুদ্ধ জয়ৰ ৷
চিকিৎসকৰ প্ৰচেষ্টাত পুনৰ ক্ৰীজত থিয় দিলে মেক্সৱেল ৷ আকৌ আৰম্ভ হ’ল শ্বটৰ বৰষুণ ৷ অৱশেষত 46.5 অভাৰত বিজয় লক্ষ্যত উপনীত হ’ল অষ্ট্ৰেলিয়া ৷ 21 টা বাউণ্ডেৰী আৰু 10 টা অভাৰ বাউণ্ডেৰী কোবাই মেক্সৱেলে সংগ্ৰহ কৰিলে ব্যক্তিগত দ্বিশতক ৷ 2023 বিশ্বকাপত এইটো হৈছে প্ৰথমটো দ্বিশতক, যিটো লিখা ৰ’ব মেক্সৱেলৰ নামত ৷ মেক্সৱেলক সম্পূৰ্ণভাৱে সঁহাৰি জনোৱা অধিনায়ক পেট কামিনচে 68 টা বলত 12 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় ৷
মেক্সৱেলৰ এই ঐতিহাসিক ইনিংছৰ পিচতেই সামাজিক মাধ্যমত সকলোৱেই তেওঁক প্ৰশংসাৰে ওপচাই পেলোৱা দেখা গ’ল ৷ বিভিন্ন দেশৰ প্ৰাক্তন ক্ৰিকেটাৰ সকলোৱে নিজৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ৷
মেক্সৱেলে মনত পেলাই দিলে 1983 লৈ:
মেক্সৱেলৰ 201 ৰাণৰ ঐতিহাসিক ইনিংছটোৱে মনত পেলাই দিলে 1983 ক্ৰিকেট বিশ্বকাপত ভাৰত আৰু জিম্বাব’য়েৰ মাজত অনুষ্ঠিত হোৱা খেলখনলৈ ৷ সেই সময়ত খেল সম্প্ৰচাৰ কৰা বিবিচিত চলা প্ৰতিবাদৰ বাবে সেই খেলখন সম্প্ৰচাৰ হোৱা নাছিল বাবেই টিভিৰ সমুখত বহি খেল উপভোগ কৰা ক্ৰিকেট প্ৰেমীয়ে বঞ্ছিত হয় কপিল দেৱৰ বিখ্যাৎ ইনিংছটো উপভোগ কৰাৰ পৰা ৷ কিন্তু খেলপথাৰত থকা দৰ্শকে আজিও পাহৰিব পৰা নাই সেই বেটিং বিক্ৰম ৷ পাহৰিব পৰা নাই ’83 ৰ ভাৰতীয় ক্ৰিকেট দলৰ সদস্য সকলেও ৷ মেক্সৱেলে দ্বিশতকেৰে অষ্ট্ৰেলিয়াক বিজয়ী কৰাৰ পিচতেই ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীয়ে X ত এটা পোষ্ট কৰে ৷ য’ত তেওঁ লিখে "Stunning. Reminds me of Kaps of 83. @Gmaxi_32 @therealkapildev @ICC @cricketworldcup #AUSvsAFG #Cricket (sic)."
1983 বিশ্বকাপত ভাৰতীয় দলৰ অংশ আছিল ৰবি শাস্ত্ৰী আৰু বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱা ভাৰতীয় বেটছমেনসকলৰ মাজত তেৱোঁ আছিল এজন ৷ মেক্সৱেলে যিদৰে বিপদগ্ৰস্ত অষ্ট্ৰেলিয়াক নিজৰ দুবাহুৰ শক্তিৰে বিজয় শিখৰলৈ লৈ গ’ল, কপিল দেৱেও বিপৰ্যস্ত ভাৰতক নিজৰ শক্তিশালী বেটিঙেৰে সন্তোষজনক স্থিতি উপনীত কৰাইছিল আৰু সেই মেচখনত জয়ী হৈছিল ৷ ইংলেণ্ডৰ ওৱেলছত অনুষ্ঠিত হৈছিল সেইখন খেল ৷
1983 লৈ উভতি চাওঁ আহক: