স্পৰ্টছ ডেস্ক, ১৪ নৱেম্বৰ :নিউজীলেণ্ডৰ বিৰুদ্ধে বুধবাৰে অনুষ্ঠিত হ'বলগীয়া ভাৰতৰ ছেমি ফাইনেল মেচখনৰ টিকট এতিয়া ক'লা বজাৰত ভৰি পৰিছে । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই মেচখনৰ পূৰ্বে ক'লা বজাৰত যথেষ্ট মূল্যত টিকট বিক্ৰীৰ অভিযোগ উঠিছে । মহাৰাষ্ট্ৰ আৰক্ষীয়ে ক'লা বজাৰত টিকট বিক্ৰীৰ অভিযোগত মুম্বাইৰ মালাদৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰে । জানিব পৰা মতে, এই মেচখনৰ টিকটবোৰ ক'লা বজাৰত ২৭ হাজাৰ টকাৰ পৰা আঢ়ৈ লাখ টকালৈ বিক্ৰী কৰা হৈছে । যিটো প্ৰকৃত মূল্যতকৈ প্ৰায় ১০ গুণৰ পৰা ১০০ গুণতকৈ অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।
গ্ৰেপ্তাৰ কৰা লোকজনক আকাশ কোঠাৰী বুলি চিনাক্ত কৰা হৈছে । তেওঁক মহানগৰৰ উত্তৰ অংশত থকা তেওঁৰ ঘৰৰ পৰা জে জে আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে ।
উল্লেখ্য যে বিভিন্ন ৱাটছএপ গ্ৰুপত প্ৰচাৰিত মেছেজবোৰত দেখা গৈছে যে এই টিকটবোৰ ২৭,০০০ টকাৰ পৰা ২.৫ লাখ টকালৈ বিক্ৰী কৰা হৈছে । এগৰাকী তদন্তকাৰী বিষয়াই কয় ।
আনহাতে, গ্ৰেপ্তাৰ কৰা ব্যক্তিজনে মূল মূল্যতকৈ চাৰিৰ পৰা পাঁচ গুণ অধিক হাৰত টিকটবোৰ বিক্ৰী কৰি আছিল । তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৪২০ আৰু ৫১১ ধাৰাৰ অধীনত প্ৰৱঞ্চনা আৰু অন্যান্য অপৰাধৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।