স্পৰ্টছ ডেস্ক, ১১ অক্টোবৰ : চলিত বিশ্বকাপৰ নৱম আৰু নিজৰ দ্বিতীয় লীগ মেচত বুধবাৰে ভাৰত আফগানিস্তানৰ মুখামুখি হৈছে । ইতিমধ্যে টছত জয়লাভ কৰি আফগানিস্তানে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আনহাতে, ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই বুধবাৰে আফগানিস্তানৰ বিৰুদ্ধে এক সুন্দৰ ইনিংছ খেলাৰ সুযোগ পাব ।
উল্লেখ্য যে ৰোহিত শৰ্মা তেওঁৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শূন্য ৰাণতে আউট হৈছিল । কিন্তু যদি ৰোহিতে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ভাল বেটিং কৰে, তেন্তে তেওঁৰ নামত এক ডাঙৰ অভিলেখ লিপিবদ্ধ কৰাৰ সুবিধা পাব । এই মেচখনত ৰোহিতৰ এদিনীয়া বিশ্বকাপৰ ইতিহাসত ১০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম বেটছমেন হোৱাৰ সুযোগ থাকিব । ইয়াৰ বাবে তেওঁ মাত্ৰ ২২ ৰাণ সংগ্ৰহ কৰিব লাগিব ।
উল্লেখ্য যে ৰোহিত শৰ্মাই এতিয়ালৈকে এদিনীয়া বিশ্বকাপত ১৮ টা ইনিংছত মুঠ ৯৭৮ ৰাণ সংগ্ৰহ কৰিছে । ৰোহিতে ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ ১৮ সংখ্যক ইনিংছত শূন্য ৰাণত আউট হৈ এই অনন্য অভিলেখৰ পৰা বঞ্চিত হৈছিল । বৰ্তমান তেওঁ ১০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ মাত্ৰ ২২ ৰাণ সংগ্ৰহ কৰিব লাগিব । যদি ৰোহিতে আফগানিস্তানৰ বিৰুদ্ধে এই ২২ ৰাণ সংগ্ৰহ কৰে, তেন্তে তেওঁ শচীন তেণ্ডুলকাৰ, এ বি ডি ভিলিয়াৰ্ছ, ভিভ ৰিচাৰ্ডছ আৰু সৌৰভ গাংগুলীৰ দৰে কিংবদন্তিক চেৰা পেলাই যাব ।