অসম

assam

ETV Bharat / sports

World Cup 2023: বাংলাদেশৰ বিৰুদ্ধে বিশ্বকাপৰ অন্তিমখন লীগ মেচত অনুৰাগীয়ে খেলপথাৰত নেদেখিব মেক্সৱেলক ! - Cricket World Cup 2023

অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেলে বাংলাদেশৰ বিৰুদ্ধে বিশ্বকাপৰ অন্তিম লীগ মেচখনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা নাই ৷ কাৰণ তেওঁ পূৰ্বৰ খেলখনত মুম্বাইত আফগানিস্তানৰ বিৰুদ্ধে হোৱা ক্ৰেম্পৰ পৰা সম্পূৰ্ণভাৱে সুস্থ হৈ উঠা নাই ৷

World Cup 2023
World Cup 2023

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 10:51 PM IST

স্প’ৰ্টছ, ১০ নৱেম্বৰ: মঙলবাৰে মুম্বাইত অনুষ্ঠিত হোৱা আফগানিস্তানৰ বিৰুদ্ধে খেলখনৰ সময়ত সন্মুখীন হোৱা আঘাতৰ পৰা এতিয়াও সুস্থ হৈ উঠা নাই অষ্ট্ৰেলিয়াৰ বিস্ফোৰক অলৰাউণ্ডাৰ গ্লেন মেক্সৱেল ৷ যাৰ বাবে বাংলাদেশৰ বিৰুদ্ধে বিশ্বকাপ লীগৰ শেষৰখন খেলত পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াত নাথাকিব পাৰে খেলুৱৈগৰাকী ।

গ্লেন মেক্সৱেলে এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই ৷ ফলত ৩৫ বছৰীয়া খেলুৱৈগৰাকীয়ে পুনেত মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যনৰ ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে খেলখনৰ প্ৰাকক্ষণত অনুশীলন কৰিব পৰা নাই । ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া খেলখনত গ্লেন মেক্সৱেলৰ ফিটনেছ অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হ’ব ।

আফগানিস্তানৰ বিৰুদ্ধে খেলখনত গ্লেন মেক্সৱেলে দ্বিশতক (২০১ নট আউট) অৰ্জন কৰি এখন পৰাজয় দিশে গতি কৰা খেলত অষ্ট্ৰেলিয়া বিজয়ী কৰিলে । এতিয়ালৈকে তেওঁ ৩৯৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে গড়ে প্ৰায় ৮০ ৰান সংগ্ৰহ কৰি ১৫৩ ৰান ষ্ট্ৰাইক ৰেট লাভ কৰিছে ।

শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ সহকাৰী প্ৰশিক্ষক ডেনিয়েল ভেট’ৰীয়ে সাংবাদিকৰ আগত কয় যে তেওঁ (মেক্সৱেল) নিশ্চিতভাৱে যোৱা কেইদিনমানৰ পৰা সম্পূৰ্ণ ৰিকাভাৰী মোডত আছে । মই ভাবোঁ আমি সকলোৱে ইনিংছত তেওঁৰ প্ৰভাৱ দেখিলোঁ ।

"আজি এটা ডাঙৰ দিন ৷ আমি মাত্ৰ চাম যে দিনটো আগবাঢ়ি যোৱাৰ লগে লগে তেওঁ কিদৰে সুস্থ হৈ উঠে ৷ কিন্তু স্পষ্টভাৱে যোৱা কেইদিনমানৰ পৰা তেওঁৰ বাবে ই যথেষ্ট জটিল হৈ পৰিছে । এইটো এটা ফিটনেছ-টেষ্টৰ পৰিস্থিতি হ'ব বুলি ভাবিছোঁ । আমি বুজি পাইছো যে স্পষ্টভাৱে এতিয়া যেতিয়া কলকাতাত ছেমি ফাইনেল খেল হ'ব, তেতিয়া তেওঁৰ সুস্থতাই অধিক গুৰুত্ব লাভ কৰিব ৷’’

তাৰকা বেটছমেন ষ্টিভ স্মিথ বাংলাদেশৰ বিৰুদ্ধে খেলখনত দলত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে ৷ কাৰণ তেওঁ ভেৰ্টিগোৰ পৰা সুস্থ হৈ উঠিছে আৰু শুকুৰবাৰে বিয়লি অনুশীলন কৰা দেখা গৈছে ।

পেচ অল ৰাউণ্ডাৰ শ্বেন এবটক মূল একাদশত স্থান দিয়া হ’ব পাৰে যদিহে অষ্ট্ৰেলিয়াই পেচ বলাৰসকলৰ এজনক জিৰণি দিয়াৰ সিদ্ধান্ত লয় । বাওঁহতীয়া পেচাৰগৰাকী হয়তো দলত সম্ভাৱ্য প্ৰতিস্থাপক হ’ব পাৰে ।

ভেট্ট’ৰীয়ে কয় যে যদি আপুনি আৰম্ভণিৰ পৰাই সেই তিনিজন বেগী বলাৰক কম সময়ৰ ভিতৰতে ৯ খন খেলৰ মাজেৰে পাৰ কৰিবলৈ চেষ্টা কৰে, তেন্তে আমি সদায় হয়তো অনুমান কৰোঁ যে সেয়া এক কঠিন প্ৰত্যাহ্বান হ’ব ।

ভেট্ট’ৰীয়ে শেষত কয় যে শ্বেন (এবট) সদায় ছবিখনত আছিল তেওঁলোকৰ এজনৰ সম্ভাৱ্য প্ৰতিস্থাপক হিচাপে ৷ ‘‘গতিকে মই ভাবো যে তেওঁ আকৌ এবাৰ সমীকৰণটোৰ মাজলৈ আহিব, মাত্ৰ এই যোৱা কেইদিনমানৰ মাজেৰে সকলোৱে কেনেকৈ আগবাঢ়িছে তাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত লোৱা হ’ব ।”

লগতে পঢ়ক:World Cup 2023: চেম্পিয়নছ ট্ৰফীত স্থান নিশ্চিত কৰাৰ সুযোগ বিচাৰিছে ইংলেণ্ডে

ABOUT THE AUTHOR

...view details