অসম

assam

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 9:21 PM IST

ETV Bharat / sports

ষষ্ঠ বলিং বিকল্পৰ অভাৱে ভাৰতক চিন্তাত পেলাব পাৰে : মন্তব্য ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰৰ

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যজুৰবিন্দ্ৰ সিঙে ইটিভি ভাৰতৰ নৱনীত তাপদিয়াৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত ভাৰতীয় দলত থকা ত্ৰুটিৰ কথা উল্লেখ কৰি কয় যে চূড়ান্ত সংঘৰ্ষৰ পূৰ্বে ফ্ৰণ্ট লাইন বলাৰৰ এজন আঘাতপ্ৰাপ্ত হ’লে ফাইনেলত সংগ্ৰাম কৰিবলগা হ’ব পাৰে।

World Cup 2023 Final
ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যজুৰবিন্দ্ৰ সিঙ

স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ :ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যজুৰবিন্দ্ৰ সিঙে মতামত প্ৰকাশ কৰিছে যে ফ্ৰণ্টলাইন পেচাৰৰ কোনো এজন আঘাতপ্ৰাপ্ত হ’লে ফাইনেলত ষষ্ঠ বলিং বিকল্পৰ অভাৱে ভাৰতক আঘাত দিব পাৰে ৷

চলিত ক্ৰিকেট বিশ্বকাপৰ সংস্কৰণত ভাৰতে নিজৰ ফৰ্মৰ সৈতে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে আৰু অধিনায়ক ৰোহিত শৰ্মাই অসাধাৰণ অধিনায়কত্বৰে মেগা ইভেণ্টৰ গ্ৰেণ্ড ফাইনেলত নিজৰ দলক উপনীত কৰোৱাইছে ৷ মেন ইন ব্লু দলে একেৰাহে দহখন মেচত জয়লাভ কৰি প্ৰতিযোগিতাখনৰ শীৰ্ষ সংঘৰ্ষত ভৰি দিছে ৷ প্ৰতিযোগিতাখনৰ মূল সংঘৰ্ষ অৰ্থাৎ ফাইনেলৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যজুৰবিন্দ্ৰ সিঙে আঙুলিয়াই দিছে যে ষষ্ঠ বলিং বিকল্পৰ অভাৱে ভাৰতৰ এই আকাংক্ষিত ট্ৰফী দাঙি ধৰাৰ সম্ভাৱনাত বাধাৰ সৃষ্টি কৰিব পাৰে ৷

"টুৰ্ণামেণ্টত এতিয়ালৈকে ভাৰতৰ প্ৰদৰ্শন বিবেচনা কৰিলে মেচত জয়ী হ'বলৈ তেওঁলোকক ষষ্ঠ বলিং বিকল্পৰ প্ৰয়োজন নাই ৷ কিন্তু দলৰ পাঁচজন বলাৰৰ কোনো এজনৰ আঘাতে ফাইনেলত ভাৰতক আঘাত দিব পাৰে ৷ আশা কৰোঁ কোনো আঘাতপ্ৰাপ্ত নহ'ব কিন্তু ষষ্ঠ বলিং বিকল্পৰ অভাৱে খেলখনৰ ফলাফলকো প্ৰভাৱিত কৰিব পাৰে ৷ ৰোহিতে (শৰ্মা) তেওঁৰ বাহু ঘূৰাব পাৰে কিন্তু ফাইনেলত তেওঁক বলটো দিব নোৱাৰি ৷"- ইটিভি ভাৰতৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত যজুৰবিন্দ্ৰই এইদৰে কয় ৷

ৰোহিত শৰ্মাই ভাৰতীয় দলটোক আক্ৰমণাত্মক আৰম্ভণিৰ দি আহিছে আৰু তেওঁৰ কৌশলে দলটোক স্ক’ৰ ব’ৰ্ডত বিশাল ৰাণ সংগ্ৰহ কৰাত সহায় কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ ভাৰতীয় অধিনায়কগৰাকীয়ে ইনিংছৰ টেম্পো নিৰ্ধাৰণ কৰি বেটছমেনসকলক স্বাধীনতাৰে খেলিবলৈ অনুপ্ৰাণিত কৰিছে ৷ সিঙে মতামত প্ৰকাশ কৰে যে ৰোহিতৰ এই পৰিকল্পনাই ভাৰতীয় দলৰ বাবে অতি ভাল কাম কৰি আছে ৷

"ৰোহিতে মাজত সাহসী হোৱাৰ সিদ্ধান্ত অতি ফলপ্ৰসূ হৈ উঠিছে ৷ 1996 চনৰ বিশ্বকাপতো শ্ৰীলংকাই ট্ৰফী তুলি লোৱাৰ সময়ত একেধৰণৰ কৌশল বাছি লৈছিল ৷ যদি ৰোহিতে ফাইনেলতো এনেদৰে খেলি থাকে তেন্তে ই হয়তো ভাৰতৰ অনুকূলে কামত আহিব ৷"- তেওঁ মন্তব্য কৰে |

ষ্টাৰ বেটছমেন বিৰাট কোহলীয়ে চলিত প্ৰতিযোগিতাখনত দুৰন্ত ফৰ্মত থকাৰ লগতে প্ৰতিযোগিতাখনৰ শীৰ্ষ ৰাণ স্ক’ৰাৰ হিচাপেও আত্মপ্ৰকাশ কৰিছে আৰু যজুৰবিন্দ্ৰই বিস্ফোৰক বেটছমেনগৰাকীক প্ৰশংসা কৰি শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক এদিনীয়া শতক সংগ্ৰহ কৰাৰ অভিলেখ ভংগ কৰাৰ আচৰিত কৃতিত্বৰ বাবে প্ৰশংসা কৰে ৷

ভাৰতৰ হৈ চাৰিখন টেষ্ট খেলা যজুৰবিন্দ্ৰই ঘৰুৱা ক্ৰিকেটত সৌৰাষ্ট্ৰৰ হৈ খেলিছিল ৷

লগতে পঢ়ক :ফাইনেলৰ দিনা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিচিচিআইৰ বৰ্ণিল কাৰ্যসূচী

ABOUT THE AUTHOR

...view details