স্প’ৰ্টছ ডেস্ক, 19 অক্টোবৰ: সম্পূৰ্ণ 27 বছৰৰ মূৰত আজি পুনেত অনুষ্ঠিত হৈছে বিশ্বকাপৰ এখন খেল । বৰ্তমান মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ভাৰত বনাম বাংলাদেশৰ খেলখন । এই খেলখন চাবলৈ বৃহৎ সংখ্যক দৰ্শক ষ্টেডিয়ামলৈ আহিছে । একেদৰে বাংলাদেশ দলৰ উইকেটকীপাৰ মুছফিকুৰ ৰহমানৰ পিতৃ মেহবুব হাবিবো এই খেলৰ সাক্ষী হ’বলৈ বাংলাদেশৰ পৰা আহিছে ।
মেহবুব হাবিবে ভাৰতৰ বিৰুদ্ধে জয়ী হ’বলৈ বাংলাদেশক সমৰ্থন কৰে যদিও তেওঁ স্বীকাৰ কৰে যে এনে “শক্তিশালী প্ৰতিদ্বন্দ্বী”ক পৰাস্ত কৰাটো এক কঠিন প্ৰত্যাহ্বান ।
"মই আশাবাদী যে বাংলাদেশ জয়ী হ'ব । ভাৰতৰ বিৰুদ্ধে জয়ী হোৱাটো সহজ কাম নহয় । তেওঁলোকক পৰাস্ত কৰিবলৈ কঠিন । ভাৰত খিতাপৰ প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত অন্যতম । যিটো দলেই ভাল খেলিব, তেওঁলোকেই জয়ী হ’ব ।" ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া আড্ডাত তেওঁ এইদৰে কয় । মুছফিকুৰ ৰহিমে অৰ্ধশতক কৰিব বুলি আশা কৰোঁ ৷ ইটিভি ভাৰতৰ আগত এইদৰে কয় হাবিবে ৷