অসম

assam

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 6:58 PM IST

ETV Bharat / sports

World Cup 2023: বিশ্বকাপত 6 টা শতকেৰে শচীন তেণ্ডুলকাৰৰ সৈতে সমতা স্থাপন ৱাৰ্ণাৰৰ

বিশ্বকাপ 2023 ত অষ্ট্ৰেলিয়াৰ বেটছমেন ডেভিড ৱাৰ্ণাৰে ৰচিলে এক ইতিহাস ৷ বিশ্বকাপৰ ইতিহাসত 6 টা শতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰৰ সৈতে সমতা স্থাপন ৱাৰ্ণাৰৰ ৷

World Cup 2023
World Cup 2023

নিউজ ডেস্ক, ২৫ অক্টোবৰ:নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলখনত ডেভিড ৱাৰ্নাৰে ইতিহাস ৰচি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ বিশ্বকাপৰ ছটা শতকৰ অভিলেখৰ সৈতে সমতা স্থাপন কৰে । লগতে তেওঁ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেনৰ তালিকাত তেণ্ডুলকাৰৰ সৈতে দ্বিতীয় স্থান দখল কৰে ।

নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলখনৰ আৰম্ভণিৰে পৰাই অষ্ট্ৰেলিয়াৰ অ’পেনাৰগৰাকীয়ে মাৰমুখী হ’বলৈ আৰম্ভ কৰিছিল আৰু তেওঁৰ আক্ৰমণাত্মক বেটিঙে নেদাৰলেণ্ডৰ বলিং আক্ৰমণক দিশহাৰা কৰি পেলাইছিল । শেহতীয়াকৈ তেওঁ যথেষ্ট ফৰ্মত আছে আৰু পাকিস্তানৰ বিৰুদ্ধে শতকৰ পিছত এইটো আছিল তেওঁৰ একেৰাহে দ্বিতীয় শতক ।

২২ ইনিংছত বিশ্বকাপত সৰ্বাধিক শতক (৭) সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষত থকা ৰোহিত শৰ্মাও শেহতীয়া সময়ত ভাল ফৰ্মত আছে । ডাচ দলৰ বিৰুদ্ধে খেলখনত অষ্ট্ৰেলিয়াৰ বেটছমেনসকলে আৰম্ভণিৰে পৰাই বিধ্বংসী ৰূপ ধাৰণ কৰিছিল আৰু বেটিং ইউনিটে কৰা বেটিং বিস্ফোৰণৰ নায়ক আছিল ৱাৰ্নাৰ । তেওঁ ১১ টা বাউণ্ডেৰী আৰু তিনিটা অভাৰ বাউণ্ডেৰীৰ সহায়ত ১০৪ ৰানৰ ইনিংছ খেলে ।

২০২৩ চনত ৱাৰ্নাৰে এদিনীয়া ক্ৰিকেটত যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে ৷ কিয়নো তেওঁ ১৪ ইনিংছত ৭২২ ৰান সংগ্ৰহ কৰি গড়ে ৫১.৫৭ আৰু ষ্ট্ৰাইক ৰেট ১১৪.৭৮ লাভ কৰিছে । অষ্ট্ৰেলিয়াৰ হৈ টপ অৰ্ডাৰত ৱাৰ্নাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু আগন্তুক খেলসমূহতো ধাৰাবাহিকভাৱে জয়ী হ’বলৈ দলটোৱে তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব ।

ইফালে কেংগাৰু বাহিনীৰ মিডল অৰ্ডাৰ বেটছমেন গ্লেন মেক্সৱেলেও নেদাৰলেণ্ডৰ বিৰুদ্ধে বিস্ফোৰক ইনিংছ খেলি অভিলেখ গঢ়ে ৷ 40 টা বল শতক অৰ্জন কৰি মেক্সৱেল বিশ্বকাপৰ ইতিহাসত দ্ৰুততম শতক অৰ্জনকাৰী হিচাপে পৰিগণিত হয় ৷

লগতে পঢ়ক:ICC World Cup 2023 : এইডেন মাৰ্ক্ৰামক অতিক্ৰম কৰি বিশ্বকাপৰ দ্ৰুততম শতক অৰ্জন গ্লেন মেক্সৱেলৰ

ABOUT THE AUTHOR

...view details