অসম

assam

ETV Bharat / sports

ভাৰতীয় বলাৰৰ প্ৰদৰ্শন সকলোৰে আলোচ্য বিষয়ত পৰিণত হৈছে; মঃ শ্বামীৰ প্ৰশিক্ষক বদৰুদ্দিন ছিদ্দিকি - Icc world cup in India

মহম্মদ শ্বামীৰ মুখ্য প্ৰশিক্ষক বদৰুদ্দিন ছিদ্দিকিয়ে বিশ্বকাপ ২০২৩ত ভাৰতৰ অভিযান সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি কৰিছে ৷ ছিদ্দিকিয়ে কয় যে চলি থকা প্ৰতিযোগিতাখনত বলাৰসকলৰ চৰ্চা হৈছে । দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ হাই ভল্টেজ ফাইনেলৰ পূৰ্বে তেওঁ ইটিভি ভাৰতৰ পুষ্কৰ পাণ্ডেৰ সৈতে সাক্ষাৎকাৰত এই মন্তব্য কৰে ।

World Cup 2023
Indian bowling attack in World Cup

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 7:58 PM IST

স্প’ৰ্টছ ডেস্ক, ১৭ নৱেম্বৰ: বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলত বৃহস্পতিবাৰে ভাৰতে নিউজীলেণ্ডক ৭০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ৷ বিৰাট কোহলীয়ে এদিনীয়াৰ ৫০ সংখ্যক শতক অৰ্জনেৰে অভিলেখ ৰচে আৰু শ্ৰেয়াস আয়েৰে আক্ৰমণাত্মক শতকীয় ইনিংছ খেলিছিল । অৱশ্যে মহম্মদ ছামীয়ে ৭ টা উইকেট দখল কৰি মূল মেচখনত সকলো লাইমলাইট দখল কৰে । এই উজ্জ্বল প্ৰদৰ্শনৰ কথা প্ৰকাশ কৰি মহম্মদ শ্বামীৰ প্ৰশিক্ষক বদৰুদ্দিন ছিদ্দিকিয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে এই কথাও কয় যে বলাৰসকলে এই পৰ্যন্ত প্ৰতিযোগিতাখনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

ইটিভি ভাৰতৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত ছিদ্দিকিয়ে কয়, "টুৰ্ণামেণ্টৰ আৰম্ভণিতে বেটছমেনসকলৰ ওপৰত গুৰুত্ব দিয়া হৈছিল । অৱশ্যে এইবাৰ বলাৰসকলৰ বিষয়ে বহু কথাই চৰ্চা হৈছে । লগতে, মহম্মদ শ্বামীৰ প্ৰদৰ্শনৰ বাবে দলটোৱে জয়ৰ চিত্ৰপট ৰচা দেখি মই সুখী ।"

ৰাষ্ট্ৰীয় দলটোৰ হৈ শ্বামীয়ে ৯.১৩ গড়ৰে ৬ খন মেচত ২৩ টা উইকেট দখল কৰি বলৰ সৈতে জিলিকি উঠিছে । আমোদজনক কথাটো হ’ল দলীয় সংমিশ্ৰণৰ বাবে তেওঁ চাৰিখন খেলত মূল একাদশৰ অংশ নাছিল । কিন্তু অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া ভাৰতৰ চতুৰ্থখন লীগ মেচত আঘাতপ্ৰাপ্ত হয় আৰু পাণ্ডিয়াৰ আঘাতে শ্বামীক প্লেয়িং একাদশত স্থান দিয়াৰ পথ প্ৰশস্ত কৰিছিল ।

‘‘সকলো বলাৰক একেলগে খেলাব নোৱাৰি আৰু সেয়েহে (মহম্মদ) শ্বামীক প্ৰতিযোগিতাখনৰ প্ৰাৰম্ভিক অংশৰ বাবে বেঞ্চত বহিবলৈ দিয়া হৈছিল । অৱশ্যে, যেতিয়া তেওঁক লাইনআপত অন্তৰ্ভুক্ত কৰা হৈছিল, তেতিয়া পেচাৰজনে খেলপথাৰত নিজৰ ১০০ শতাংশ দিছিল । এতিয়া, কোনেও শ্বামীক মূল একাদশৰ পৰা বাদ দিয়া চিন্তা কৰিব নোৱাৰে ।” তেওঁ দৃঢ়তাৰে কয় ।

উল্লেখ্য যে ভাৰতৰ পেচ ত্ৰিমূৰ্তিৰ যশপ্ৰীত বুমৰাহ, মহম্মদ শ্বামী আৰু মহম্মদ চিৰাজে বলৰ সৈতে যথেষ্ট ফলপ্ৰসূ প্ৰদৰ্শন আগবঢ়াইছে । তিনিওজনে একেলগে কাম কৰি প্ৰতিযোগিতাখনত এতিয়ালৈকে ৫৪ টা উইকেট দখল কৰে ।

"ভাৰতীয় ক্ৰিকেটত বেটছমেনসকল সদায় চৰ্চা আছিল । অৱশ্যে এইটো প্ৰথম বিশ্বকাপ য'ত বলাৰসকলে এইবাৰ নিজৰ বিধ্বংসী প্ৰদৰ্শনেৰে লাইমলাইট লাভ কৰিছে । ভাৰতীয় বেটছমেনসকল কেতিয়াও ৩৫০ ৰানৰ লক্ষ্যৰ সন্মুখীন হোৱা নাছিল কাৰণ বলাৰসকলে বিপক্ষৰ বেটছমেনসকলক ইমান ৰান কৰিবলৈ দিয়া নাই ।" তেওঁ লগতে কয় ৷

ছিদ্দিকিয়ে ভাৰতীয় বলিং ইউনিটক প্ৰশংসা কৰি কয় যে ৰাষ্ট্ৰীয় দলটোৱে দুজন পেচাৰ আৰু তিনিজন স্পিনাৰৰ সৈতে খেলাৰ পৰা তিনিজন পেচাৰ আৰু দুজন স্পিনাৰক লৈ বলিং আক্ৰমণলৈ সলনি হৈছে ।

"পূৰ্বতে ভাৰতত খেলা মেচসমূহৰ বাবে দুজনমান পেচাৰ আৰু তিনিজন স্পিনাৰ লৈ ভাৰত গৈছিল । অৱশ্যে এতিয়া পৰিস্থিতি সলনি হৈছে আৰু দলটোৱে এতিয়া তিনিজন পেচাৰ আৰু দুজন স্পিনাৰৰ সৈতে খেলাটো পছন্দ কৰিছে । এইবোৰ ইতিবাচক লক্ষণ ভাৰতীয় দলৰ । আগতে অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত তেওঁলোকে সংগ্ৰাম কৰিছিল যদিও এতিয়া যেতিয়াই বিদেশী মাটিত ভৰি দিয়ে তেতিয়াই ভাৰতে এক আকৰ্ষণীয় প্ৰদৰ্শন কৰে ।’’ ছিদ্দিকিয়ে সামৰণি মাৰে ৷

লগতে পঢ়ক:প্ৰত্যাহ্বানৰ শিকলি ছিঙি দুৰ্দান্ত শক্তিৰে যুঁজত নমা এগৰাকী পৰাক্ৰমী যোদ্ধা

ABOUT THE AUTHOR

...view details