স্পৰ্টছ ডেস্ক, 3 এপ্ৰিল :মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেলখন দেওবাৰে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছে(Australia faced England in ICC Women Final) ৷ নিউজিলেণ্ডৰ ক্ৰিষ্টচাৰ্চত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেল খেলখনৰ আৰম্ভনিতে ইংলেণ্ডে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ৷ উল্লেখ্য যে, চলিত মহিলা বিশ্বকাপত অষ্ট্ৰেলিয়া হট ফেভাৰিট হ'লেও ইংলেণ্ডে খিতাপ জয়ৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিব(Rivals Australia England face off in final) ।
অষ্ট্ৰেলিয়াই এইবাৰ সপ্তমবাৰৰ বাবে মহিলা বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ প্ৰতিযোগিতাখনত অৱৰ্তীণ হৈছে ৷ দলটোৱে পোনপটীয়াকৈ আঠখনকৈ মেচত জয়লাভ কৰি প্ৰতিযোগিতাখনত প্ৰৱেশ কৰিছে ৷ আনহাতে চাৰিবাৰ চেম্পিয়ন ইংলেণ্ডে তেওঁলোকৰ প্ৰথম তিনিখন মেচত পৰাজিত হোৱাৰ পিছত তীব্ৰ সংৰ্ঘষৰ মাজেৰে ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হয়(AUS vs ENG) ৷
ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মূল একাদশ হৈছে ক্ৰমে :