স্পৰ্টছ ডেস্ক,৭ জুলাই :আহি থকা টি-২০ বিশ্বকাপৰ (Upcoming T20 cricket World Cup) ওপৰত দৃষ্টি ৰাখিছে ভাৰতীয় দলটোৱে । সেয়েহে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টি-২০ শৃংখলা কেৱল প্ৰস্তুতি হিচাপে ল'ব বিচৰা নাই ভাৰতীয় দলটোৱে । প্ৰতিখন খেলত জয়ী হ'বলৈ চেষ্টা কৰিব ভাৰতীয় দলটোৱে । এই মন্তব্য টি-২০ দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ (Rohit Sharma before T20 series against England)।
শৃংখলাৰ প্ৰথমখন টি-২০ৰ প্ৰাকমুহূৰ্তত সংবাদমাধ্যমৰ সন্মুখত এই মন্তব্য কৰে খেলুৱৈগৰাকীয়ে । তেওঁৰ মতে প্ৰতিখন খেলে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ । ৰোহিতে লগতে কয় যে দলটোৰ যুৱ খেলুৱৈসকলে আই পি এলত বা তেওঁলোকৰ ৰাজ্যিক দলৰ বাবে ভাল প্ৰদৰ্শন কৰাৰ পিছত তেওঁলোকে লাভ কৰা এই সুযোগৰ যোগ্য । আনহাতে তেওঁলোকৰ সন্মুখত ইংলেণ্ড দলটো প্ৰত্যাহ্বানমূলক হ'ব বুলিও মন্তব্য কৰে খেলুৱৈগৰাকীয়ে ।