স্পৰ্টছ ডেস্ক, 7 জুলাই : বুধবাৰে 40 বছৰ বয়সত ভৰি দিলে ভাৰতীয় ক্ৰিকেট দলৰ ‘Captain cool’ খ্যাত মহেন্দ্ৰ সিং ধোনী (MS Dhoni)য়ে ৷ খেলুৱৈসকলৰ লগতে অলেখ অনুৰাগীয়ে ছ’চিয়েল মিডিয়াযোগে জন্মদিনৰ শুভেচ্ছা জনালে এমএছ ধোনীক ৷ ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ দিনাই প্ৰাক্তন অল-ৰাউণ্ডাৰ (all-rounder) সুৰেশ ৰাইনায়ো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰে ৷
জন্মদিন উপলক্ষে ধোনীক এইদৰে শুভেচ্ছা জনায় ৰাইনাই, ‘‘জন্মদিনৰ শুভেচ্ছা @msdhoni ৷ আপুনি মোৰ বাবে সদায় এজন বন্ধু, ভাতৃ আৰু এগৰাকী মেণ্টৰৰ লেখীয়া ৷ আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ৷ এগৰাকী ‘আইকনিক প্লেয়াৰ’ (Iconic Player) হোৱাৰ বাবে ধন্যবাদ’’ ৷ ("Wishing you a very happy birthday @msdhoni You have been a friend, brother and a mentor to me, all one could ever ask for. May God bless you with good health and long life! Thank you for being an iconic player and a great leader.#HappyBirthdayDhoni,")
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এমএছ ধোনী এগৰাকী মহান অধিনায়ক আছিল, যিয়ে অধিনায়ক হৈ থকাৰ সময়চোৱাত সকলো পৰ্যায়ৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হয় ৷ 2007 চনত টি-20 বিশ্বকাপ (T20 World Cup)ৰ পৰা আৰম্ভ কৰি 2013 চনত চেম্পিয়নছ ট্ৰফী (Champions Trophy) আৰু 2011 চনত এদিনীয়া বিশ্বকাপ (ODI World Cup) বঁটা নিজ গৃহলৈ আনিছিল এইগৰাকী ‘Captain cool’ এ ৷