স্পৰ্টছ ডেস্ক,২১ নৱেম্বৰ :নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত খেলখনত লাখ লাখ লোকৰ ভিৰ দেখা গৈছিল । তাৰ মাজতে নিৰাপত্তাৰ ক্ষেত্ৰত এক বৃহৎ ত্ৰুটিৰ অভিযোগ উঠিছে । কিয়নো ৬,০০০ আৰক্ষী বাহিনী থকা স্বত্বেও এজন পেলেষ্টাইনী সমৰ্থকে খেলপথাৰত প্ৰৱেশ কৰিছিল । এই ঘটনাৰ পাছতে আৰক্ষীৰ কাৰ্যকলাপ আৰু নিৰাপত্তা সম্পৰ্কে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে । লোকজন ভান জনছন বুলি চিনাক্ত হৈছে । খেল চলি থকাৰ মাজতে তেওঁ হঠাতে খেলপথাৰত প্ৰৱেশ কৰিছিল আৰু বেটিং কৰি থকা বিৰাট কোহলীক আলিঙ্গনৰ চেষ্টা কৰিছিল ।
ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেলত এই ঘটনাটো সংঘটিত হয় । যাক লৈ এতিয়া বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অৱশ্যে, পেলেষ্টাইন পন্থী শ্ল'গান লিখা টি-চাৰ্ট পিন্ধা ভান জনছনক চান্দখেদা আৰক্ষী থানালৈ লৈ যোৱা হয় । চান্দখেদা আৰক্ষী থানালৈ ভান জনছনক অনাৰ এটা ভিডিঅ' শেহতীয়াকৈ পোহৰলৈ আহিছে । য'ত লোকজনে নিজৰ পৰিচয় দিছে । তেওঁ কৈছে যে তেওঁ এজন অষ্ট্ৰেলিয়ান নাগৰিক আৰু বিৰাট কোহলীক সাক্ষাতৰ বাবে খেলপথাৰলৈ গৈছিল ।
ইফালে নিৰাপত্তাৰ ব্যাপক ত্ৰুটিক লৈ এতিয়া বিভিন্নজনে আৰক্ষীক সমালোচনাও কৰিছে । ঘটনাটোৱে গুজৰাট আৰক্ষীৰ ভিতৰচ'ৰাত আলোড়নৰ সৃষ্টি কৰিছে । মন কৰিবলগীয়া যে ক্ৰিকেট ষ্টেডিয়ামত ফাইনেল মেচ খন চাবলৈ বহুতো চেলিব্ৰেটী উপস্থিত থকা স্বত্বেও এই বিদেশী যুৱকজনে আৰক্ষীৰ কঠোৰ নিৰাপত্তা ভংগ কৰি কেনেকৈ খেলপথাৰত প্ৰৱেশ কৰিছিল ?
সমান্তৰালকৈ আৰক্ষীয়ে যুৱকজনক জেৰা অব্যাহত ৰাখিছে । আৰক্ষীৰ জেৰাত যুৱকজন ক'ৰ পৰা আহিছে, তেওঁৰ নাম কি, নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ ভিতৰত কেনেকৈ প্ৰৱেশ কৰিছে এই সকলো তথ্য পোহৰলৈ আহিছে । ভান জনছন নামৰ যুৱকজন অষ্ট্ৰেলিয়াৰ নাগৰিক আৰু চিডনীৰ বাসিন্দা । তেওঁৰ পিতৃ জানজন চীনা বংশোদ্ভূত আৰু তেওঁৰ মাতৃ মেৰিলিন ফিলিপাইন বংশোদ্ভূত । তথ্য অনুসৰি, তেওঁ এটা সৌৰ পেনেল কোম্পানীত কাম কৰে আৰু ভিডিঅ' এপ টিকটকতো অতি সক্ৰিয় ।