স্প’ৰ্টছ ডেস্ক, 13 ছেপ্তেম্বৰ :বৃহৎ সাল-সলনিৰ সম্ভাৱনাই দেখা দিছে ভাৰতীয় ক্ৰিকেট দলত ৷ এই সাল-সলনি এদিনীয়া আৰু T20 ৰ অধিনায়কক লৈ হোৱাৰ সম্ভাৱনা ৷ নতুন কেপ্তেইনক লৈ BCCI য়ে চিন্তা-চৰ্চা কৰি থকা বুলি জানিব পৰা গৈছে ৷
ইয়াৰ মাজতে এয়াও আশা কৰা হৈছে যে বিৰাট কোহলী অধিনায়ক পদৰ পৰা পদত্যাগ কৰাৰ পিছত ৰোহিত শৰ্মাক দলটোৰ নতুন অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হ’ব ৷ কেপ্তেইন কুল মহেন্দ্ৰ সিং ধোনীৰ পদত্যাগৰ পিছতে বিৰাট কোহলীয়ে তিনিওটা ফৰমেটতে কেপ্তেইনৰ দায়িত্ব গ্ৰহণ কৰি আহিছিল ৷ ইয়াৰ সমান্তৰলাকৈ বিৰাট কোহলীয়ে প্ৰতিটো ফৰমেটতে দলটোক জয়ৰ সোৱাদ দিবলৈও সক্ষম হৈছে ৷
কিন্তু এতিয়া 34 বৰ্ষীয় ৰোহিত শৰ্মাৰ সৈতে নিজৰ দায়িত্ব ভগাই লোৱাৰ কথা চিন্তা-চৰ্চা কৰিছে বিৰাট কোহলীয়ে ৷ মিডিয়া ৰিপ’ৰ্ট অনুসৰি টী20 বিশ্বকাপৰ পিছতে ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়কৰ সাল-সলনি হ’ব পাৰে ৷