অসম

assam

By

Published : Jun 16, 2021, 6:51 PM IST

ETV Bharat / sports

বিৰাটৰ গীত শুনি কিয় কান্দিলে অনুষ্কাই ?

চৰ্চিত হৈ পৰিছে বিৰাট-অনুষ্কা (Viruska)ৰ এটা পুৰণি ভিডিঅ' । বিবাহৰ পূৰ্বে ৰেকৰ্ড কৰা এই ভিডিঅ'টোত ভাৰতীয় ক্ৰিকেট দল (INDIAN CRICKET TEAM)ৰ অধিনায়ক বিৰাট কোহলিক অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বাবে গীত পৰিৱেশন কৰা দেখা গৈছে । বিৰাটে অনুষ্কাৰ বাবে 'মেৰে মেহবুব কয়ামত হোগী' শীৰ্ষক গীতটি গাইছে আৰু তেওঁলোকৰ পৰিয়াল আৰু বন্ধুবৰ্গই প্ৰশংসা কৰা দেখা গৈছে ভিডিঅ'টোত ।

Virat Kohli was found singing for Anuska in an old video
বিৰাটৰ গীত শুনি লোটকেৰে উপচি পৰিল অনুষ্কাৰ দুচকু

স্পৰ্টছ ডেস্ক, ১৬ জুন : চেলিব্ৰিটি দম্পতী বিৰাট কোহলী (Viruska) আৰু অনুষ্কা শৰ্মা (Anushka Sharma)ই তেওঁলোকৰ কামৰ বাবে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰে । চলিত বৰ্ষত বিৰাট আৰু অনুষ্কাৰ জীৱনলৈ আহিছে তেওঁলোকৰ কন্যা সন্তান বামিকা । চাৰি বছৰ পূৰ্বে ইটালীত ব্যক্তিগতভাৱে বিবাহৰ অনুষ্ঠান আয়োজন কৰি যুগ্ম জীৱন আৰম্ভ কৰিছিল বিৰাট আৰু অনুষ্কাই ।

শেহতীয়াকৈ চৰ্চিত হৈ পৰিছে বিৰাট-অনুষ্কা (Viruska)ৰ এটা পুৰণি ভিডিঅ' । এই ভিডিঅ'টোত ভাৰতীয় ক্ৰিকেট দল(INDIAN CRICKET TEAM)ৰ অধিনায়ক বিৰাট কোহলিক অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বাবে গীত পৰিৱেশন কৰা দেখা গৈছে ।

বিৰাটে অনুষ্কাৰ বাবে 'মেৰে মেহবুব কয়ামত হোগী' শীৰ্ষক গীতটি গাইছে আৰু তেওঁলোকৰ পৰিয়াল আৰু বন্ধুবৰ্গই প্ৰশংসা কৰা দেখা গৈছে ভিডিঅ'টোত । বিৰাটে গীত পৰিৱেশন কৰি থকা মাজতে কেমেৰাত আৱদ্ধ হয় অনুষ্কাৰ প্ৰতিক্ৰিয়া আৰু অনুষ্কাক আবেগিক হৈ পৰা দেখা গৈছে ।

বিৰাট কোহলী, অনুষ্কা শৰ্মা আৰু তেওঁলোকৰ জীয়ৰী বামিকা বৰ্তমান ইংলেণ্ডত আছে । ১৮ জুনৰ পৰা ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (World Test Championship)ৰ চূড়ান্ত খেল খেলিবলৈ সাজু হৈছে ।

লগতে পঢ়ক:ইউৰো ২০২০: স্কটলেণ্ডৰ বিৰুদ্ধে পেত্ৰিক শ্চিকৰ দুটা গ’ল

ABOUT THE AUTHOR

...view details