স্প’ৰ্টছ ডেস্ক, 6 নৱেম্বৰ: তেওঁৰ বিস্ফোৰক বেটিং চাবলৈ ৰৈ থাকে লাখ লাখ ক্ৰিকেট অনুৰাগী ৷ কোনোৱে তেওঁক কয় ৰাণ মেচিন, কোনোৱে কয় চেজ মাষ্টাৰ ৷ যোৱা 5 নৱেম্বৰত 35 সংখ্যক জন্মদিন পালন কৰা এইগৰাকী খেলুৱৈয়ে নিজৰ ক্ৰিকেট কেৰিয়াৰত সন্নিৱিষ্ট কৰিলে আৰু এটা শতক ৷ এদিনীয়া ক্ৰিকেটত 49 টা শতক অৰ্জন কৰি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুকাৰৰ সৈতে অভিলেখৰ সমতা স্থাপন কৰে তেওঁ ৷ আপুনি নিশ্চয় বুজিব পাৰিছে, ইয়াত কাৰ কথা কোৱা হৈছে ৷ হয়, তেওঁ হৈছে ক্ৰিকেট প্ৰেমীৰ অন্যতম ক্ৰেজ বিৰাট কোহলী, যাক কোৱা হয় কিং কোহলী বুলিও ৷
বৰ্তমানলৈকে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জনকাৰী শচীন তেণ্ডুকাৰৰ অভিলেখ স্পৰ্শ কৰা কোহলীয়ে আৰু এটা শতক অৰ্জন কৰিলেই হৈ পৰিব এদিনীয়াত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈ ৷ কোহলীয়ে ইডেন গাৰ্ডেনত দঃ আফ্ৰিকাৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ লগে লগে উল্লাসিত হৈ পৰিল তেওঁ সকলো অনুৰাগী ৷ ক্ৰিকেটৰ ভগৱান তেণ্ডুলকাৰে Xত পোষ্ট কৰিছিল, ‘‘এই 49 সংখ্যক শতকৰ পৰা 50 লৈ যাবলৈ মোক প্ৰায় এবছৰ লাগিছিল ৷ কিন্তু কোহলীয়ে হয়তো ইমান সময় নল’ব আৰু সোনকালেই মোৰ এই অভিলেখ ভংগ কৰিব ৷’’
নিজৰ বেটিং সন্দৰ্ভত কি কয় কোহলীয়ে ?
‘‘মই সদায় নিজৰ আবেগ আৰু অনুভূতি নিয়ন্ত্ৰণত ৰাখিব বিচাৰোঁ ৷ ই হৈছে মোৰ খেলৰ এক গুৰুত্বপূৰ্ণ অংশ ৷ গতিকে খেলৰ পূৰ্বে মই এই বিষয়ত গুৰুত্ব আৰোপ কৰোঁ ৷’’ ষ্টাৰ স্প’ৰ্টছত দিয়া এক সাক্ষাৎকাৰত কোহলীয়ে এইদৰে কয় ৷
ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে বিৰাট কোহলীক অভিনন্দন জনোৱা দেখা গৈছে ৷ যেতিয়া টি-20 বিশ্বকাপ 2022 মেলব’ৰ্ণত ভাৰতে প্ৰতিদ্বন্দী পাকিস্তানক পৰাস্ত কৰিছিল, তাৰ পিচত ৰোহিত আৰু বিৰাটৰ বিশেষভাৱে বিজয় উদযাপন কৰা দেখা গৈছিল ৷ ‘‘ৰোহিতৰ সৈতে মই দীৰ্ঘ সময় ধৰি খেলিছোঁ কিন্তু কেতিয়াও তেওঁক এইদৰে উল্লাস প্ৰকাশ দেখা নাই ৷’’
পাকিস্তানৰ বিৰুদ্ধে সেই মেচখনত বিৰাট কোহলীয়ে 53 টা বলত অপৰাজিত 82 ৰান সংগ্ৰহ কৰি ভাৰতক চাৰি উইকেটৰ বিনিময়ত জয়ৰ দিশত আগুৱাই লৈ গৈছিল ৷ ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে সেই ইনিংছটোক তেওঁ কেনেদৰে চাপ নিয়ন্ত্ৰণ কৰে তাৰ উদাহৰণ হিচাপে লৈছিল । শ্বাহীন শ্বাহ আফ্ৰিদি, নাছিম শ্বাহ আৰু হেৰিছ ৰৌফকে ধৰি পাকিস্তানৰ শক্তিশালী পেচ আক্ৰমণক ধৰাশায়ী কৰি মেচ বিজয়ী ইনিংছ খেলে কোহলীয়ে ।