স্পৰ্টছ ডেস্ক,২৯ ডিচেম্বৰ :দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত ভাৰতীয় দলটো এটা ইনিংছ আৰু ৩২ ৰাণৰ ব্যৱধানত পৰাজিত হয় । যিটোৱে ভাৰতীয় অনুৰাগীসকলক নিৰাশ কৰি তুলিছে । অৱশ্যে তাৰ মাজতো খেলখনৰ দ্বিতীয় ইনিংছত ভাৰতীয় দলৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে এক সুন্দৰ ইনিংছ খেলে । কিন্তু তেওঁ অকলে দলটোক পৰাজয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে । কোহলী এটা মূৰত থিয় হৈ থাকিল কিন্তু আনটো মূৰত উইকেট পতন হৈয়ে থাকিল । অৱশেষত দুখন টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দলটো হতাশ হ'বলগীয়া হয় । এই পৰাজয়ৰ পাছতো, বিৰাট কোহলীয়ে তেওঁৰ নামত এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হয় ।
বিৰাট কোহলীয়ে খেলখনৰ দ্বিতীয় ইনিংছত তেওঁৰ ৩০ সংখ্যক টেষ্ট অৰ্ধশতক কৰিবলৈ সক্ষম হয় । তেওঁ প্ৰথম ইনিংছত ৩৮ ৰাণ আৰু দ্বিতীয় ইনিংছত ৭৬ ৰাণ সংগ্ৰহ কৰে । খেলখনত তেওঁ মুঠ ১১৪ ৰাণ সংগ্ৰহ কৰে । এই ৰাণৰ সৈতে বিৰাট কোহলীয়ে এবছৰত ২০০০ ৰাণ সংগ্ৰহ কৰা বেটছমেনৰ তালিকাৰ শীৰ্ষত উপনীত হৈছে । তেওঁ এবছৰত ২০০০ ৰাণ সংগ্ৰহ কৰা বিশ্বৰ বেটছমেনসকলৰ ভিতৰত শ্ৰেষ্ঠ হৈ পৰিছে । তেওঁ ৭ টা বিভিন্ন বছৰত ২০০০ আন্তঃৰাষ্ট্ৰীয় ৰাণ সম্পূৰ্ণ কৰিছে । ইয়াৰ দ্বাৰা তেওঁ শচীন তেণ্ডুলকাৰ, ৰিকি পন্টিং, মাহেলা জয়বৰ্ধনে, সৌৰভ গাংগুলী আৰু কুমাৰ চাংগাকাৰাৰ দৰে তাৰকাক অতিক্ৰম কৰিবলৈ সক্ষম হয় ।
১ বছৰত ২০০০ ৰাণ সংগ্ৰহ কৰা বেটছমেন-
বিৰাট কোহলী (ভাৰত) - ৭* বাৰ
কুমাৰ চাংগাকাৰা (শ্ৰীলংকা)- ৬ বাৰ
মাহেলা জয়বৰ্ধনে (শ্ৰীলংকা)- ৫ বাৰ