স্পৰ্টছ ডেস্ক,৪ ছেপ্টেম্বৰ :ভাৰত আৰু পাকিস্তানত ক্ৰিকেটাৰসকলক ভগৱান সদৃশ জ্ঞান কৰা হয় । ক্ৰিকেট ভাল পোৱাই নহয় ক্ৰিকেটাৰসকলকো যথেষ্ট ভালপায় দুয়োখন দেশৰে নাগৰিকসকলে । দুয়োখন দেশৰ অনুৰাগী তেওঁলোকৰ দেশৰ দলেই খেলখন জয়ী হোৱাটো কামনা কৰে । অৱশ্যে প্ৰিয় ক্ৰিকেটাৰৰ কথা ওলালে তেওঁলোকৰ প্ৰতিদ্বন্দী দেশৰ ক্ৰিকেটাৰৰ নাম প্ৰকাশ কৰিবলৈ আপত্তি নকৰে । সেই সময়ত আনকি অনুৰাগীসকলে ৰাষ্ট্ৰীয়তাৰ কথাও পাহৰি যায় ।
ক্ৰীড়াক্ষেত্ৰত যেতিয়া এটা পৰাজিত দলে বিজয়ী দলৰ সদস্যসকলৰ পিঠিত চাপৰ মাৰে ইয়াক খেলুৱৈৰ মনোভাৱ বুলি কোৱা হয় । যি কি নহওক আন দেশৰ খেলুৱৈসকলক ভাল পোৱাত কোনো বাধা নাই আৰু পাকিস্তানৰ এগৰাকী যুৱতীয়ে বিৰাট কোহলীৰ প্ৰতি তেওঁৰ মৰম দেখুৱাই এইটো প্ৰমাণ কৰিছে ।
ৰাণ-মেচিন বিৰাট কোহলীৰ সমগ্ৰ দেশৰ লগতে পাকিস্তানতো অনুৰাগী আছে । পাকিস্তানৰ যুৱ ক্ৰিকেটাৰসকলে বিৰাট কোহলীক আদৰ কৰে আৰু তেওঁলোকে তেওঁৰ পৰা অনুপ্ৰেৰণা গ্ৰহণ কৰে । শনিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখনত বৰষুণে অনুৰাগীসকলক হতাশ কৰিছে । অৱশ্যে পাকিস্তানৰ এগৰাকী মহিলা অনুৰাগীৰ বিৰাটৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।