স্পৰ্টছ ডেস্ক,২৭ জুন :ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই আশা কৰিছে যে দেশখনত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া বিশ্বকাপ অত্যন্ত প্ৰতিযোগিতামূলক হ'ব কিয়নো এই খেল দ্ৰুত হৈ গৈছে । টি-২০ সংস্কৰণে ক্ৰিকেটৰ সকলো ফৰ্মেটত প্ৰভাৱ পেলাইছে । তাৰ ভিতৰত ৫ দিনীয়া টেষ্ট মেচ অন্যতম ।
ভাৰতে ৮ অক্টোবৰত চেন্নাইত ৫ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপ অভিযান আৰম্ভ কৰিব । এই অভিযান আৰম্ভ কৰাৰ সময়ত ভাৰতে এদিনীয়া বিশ্বকাপৰ তৃতীয় খিতাপ আৰু ভাৰতত দ্বিতীয়টো খিতাপ অৰ্জনৰ লক্ষ্য আগত ৰাখিব । ভাৰতে ৯ খন লীগ মেচ বিভিন্ন স্থানত খেলিব । তাৰ ভিতৰত আছে কলকাতা, মুম্বাই, নতুন দিল্লী, লক্ষ্ণৌ আৰু বেংগালুৰু । আইচিচিৰ এক বিজ্ঞপ্তিত উদ্ধৃতি দি ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই কয় যে এই বিশ্বকাপ যথেষ্ট প্ৰতিযোগিতামূলক হ'ব কিয়নো ক্ৰিকেট এতিয়া বহু আগবাঢ়ি গৈছে । দলবোৰেও পূৰ্বতকৈ অধিক ইতিবাচকভাৱে খেলি আছে ।
তেওঁ লগতে কয় যে এই দিশবোৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে ভাল । কিয়নো তেওঁলোকে বহুতো ৰোমাঞ্চকৰ মুহূৰ্তৰ সাক্ষী হ'ব । ৰোহিত শৰ্মাৰ মতে অক্টোবৰ-নৱেম্বৰৰ এই প্ৰতিযোগিতাৰ বাবে দলটোৱে ভালদৰে প্ৰস্তুতি কৰিব আৰু খিতাপ অৰ্জনৰ বাবে যুঁজ দিব । অষ্ট্ৰেলিয়াৰ সৈতে মুখামুখি হোৱাৰ পাছত ভাৰতীয় দলটো ১১ অক্টোবৰত আফগানিস্তানৰ বিৰুদ্ধে খেলিবলৈ দিল্লীলৈ যাব ।
আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ১৫ অক্টোবৰত পাকিস্তানৰ মুখামুখি হ'ব ভাৰতীয় দলটো । ভাৰত আৰু পাকিস্তানে বৰ্তমান কেৱল আইচিচি আৰু এচিচি ইভেণ্টত হে ইটোৱে সিটোৰ সন্মুখত খেলে । কিয়নো কূটনৈতিক উত্তেজনাৰ বাবে দ্বিপাক্ষিক ক্ৰিকেট স্থবিৰ হৈ পৰিছে । দুয়োখন দেশৰ মাজত অন্তিম খেলখন যোৱা বছৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত টি-২০ বিশ্বকাপত অনুষ্ঠিত হৈছিল ।
১৯৯২, ১৯৯৬, ১৯৯৯, ২০০৩, ২০১১, ২০১৫ আৰু ২০১৯ চনত এদিনীয়া বিশ্বকাপত ভাৰত আৰু পাকিস্তানে ৭ বাৰ কৈ মুখামুখি হৈছে । ২০০৭ চনত দুয়োটা দলে আৰম্ভণিৰ ৰাউণ্ডত প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাত তেওঁলোকে বিশ্বকাপত মুখামুখি হোৱা নাছিল ।
এইবাৰৰ বিশ্বকাৰ যোৱাবাৰৰ ৰাউণ্ড-ৰবিন ফৰ্মেটতে অনুষ্ঠিত হ'ব । সকলো দলৰ মাজত মুঠ ৪৫ খন লীগ মেচ অনুষ্ঠিত হ'ব । প্ৰতিযোগিতাখনৰ ৬ খন খেলৰ বাহিৰে বাকী বোৰ মেচ দিবা-নৈশ হ'ব ।
শীৰ্ষ চাৰিটা দলে ১৫ নৱেম্বৰত মুম্বাইত আৰু ১৬ নৱেম্বৰত কলকাতাত খেলিবলগীয়া ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । ছেমিফাইনেল আৰু ফাইনেলত এটাকৈ দিন সংৰক্ষিত থাকিব । যদি ভাৰতে ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে । তেনেহ'লে মুম্বাইত দলটোৱে অন্তিম পৰ্যায়ৰ খেল খেলিব ।
ভাৰতৰ সূচী :
ভাৰত বনাম অষ্ট্ৰেলিয়া, অক্টোবৰ ৮, চেন্নাই