নিউজ ডেস্ক, ৪ জানুৱাৰী: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কেপ টাউনত অনুষ্ঠিত টেষ্ট মেচখন মাত্ৰ দুদিনত অন্ত পৰে ৷ এই মেচখনে ক্ৰিকেট বিশেষজ্ঞ তথা খেলুৱৈসকলক বহু কথাই ভাবিবলৈ বাধ্য কৰিছে ৷ চিন্তাৰ উদ্ৰেগ ঘটাইছে টেষ্ট ক্ৰিকেটৰ ভৱিষ্যতৰ প্ৰতিও ৷
টেষ্ট ক্ৰিকেট আৰম্ভ হৈছিল ১৮৭৭ চনত ৷ ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত সেই বৰ্ষৰ ১৫ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ প্ৰথমখন টেষ্ট খেলোৱা হৈছিল ৷ তেতিয়াৰে পৰা টেষ্ট ক্ৰিকেটক ব্যাপকভাৱে অনুসৰণ কৰি অহা হৈছে ৷ টেষ্ট ক্ৰিকেটত পাঁচ দিন ধৰি প্ৰতিগৰাকী খেলুৱৈৰ প্ৰতিটো খোজ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা হয় ৷ ৰঙা বলৰ দ্বাৰা ছুইং আৰু ছীম অধিক হোৱাৰ ফলত বেটছমেনে ৰাণ সংগ্ৰহ কৰাত সমস্যাত পৰে যদিও বলাৰে অধিক সংখ্যক উইকেট দখলৰ সুবিধা লাভ কৰে ৷
কিন্তু এতিয়া ধীৰে ধীৰে টেষ্ট ক্ৰিকেটৰ ৰোমাঞ্চ নোহোৱা হ’বলৈ আৰম্ভ কৰিছে ৷ পাঁচদিন পৰ্যন্ত চলা টেষ্ট মেচ এতিয়া দুই বা তিনি দিনতে অন্ত পৰে ৷ যিয়ে টেষ্ট ক্ৰিকেটৰ অনুৰাগীসকলক বাৰুকৈয়ে নিৰাশ কৰিছে ৷
প্ৰতিটো দলেই পৃথক পৃথক পৰিস্থিতিত টেষ্ট ক্ৰিকেট খেলে ৷ এইক্ষেত্ৰত যি দলে খেল অনুষ্ঠিত কৰে তেওঁলোকে নিজৰ সুবিধা অনুসৰি খেলপথাৰৰ ক্ৰীজ তৈয়াৰী কৰে ৷ এই ক্ৰীজত অতিথি দল স্বাভাৱিকতেই দিশহাৰা হৈ পৰে ৷ কেতিয়া এনেকুৱাও হয় যে নিজৰ সুবিধানুসৰি তৈয়াৰ কৰা ক্ৰীজত আয়োজক দলো দিশহাৰা হৈ পৰে আৰু মেচ দুই বা তিনিদিনতে অন্ত পৰে ৷
আপোনালোকে যদি ভাৰতত স্পীনাৰৰ বাবে সুবিধাজনক ক্ৰীজ দেখা পায় তেন্তে নিউজীলেণ্ড, দঃ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত দ্ৰুতবেগী বলাৰৰ বাবে সুবিধা হোৱাকৈ নিৰ্মিত ক্ৰীজ দেখা পাব ৷ য’ত বাউন্স আৰু পেচ পূৰমাত্ৰাত লাভ কৰে বলাৰে ৷ যাৰ বাবে এছিয়াৰ ক্ৰিকেট দলবোৰ সেইসমূহ ক্ৰীজত সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে ৷ ইফালে ইংলেণ্ডৰ ক্ৰীজত বল বেছি ছুইং হয় ৷ এইদৰেই বেলেগ বেলেগ পৰিস্থিতি বা সুবিধানুসৰি দলসমূহে ক্ৰীজ তৈয়াৰ কৰাৰ ফলত বিপক্ষ দলে বেছি সময় তিষ্ঠিব নোৱৰাৰ ফলত খেলসমূহ দুই বা তিনিদিনতে অন্ত পৰে ৷
ইয়াৰ অন্যতম উদাহৰণ হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কেপ টাউনত খেলা দ্বিতীয়খন টেষ্ট ৷ এইখন মেচত দঃ আফ্ৰিকাই পেচ আৰু বাউন্স লাভ কৰাকৈ ক্ৰীজ তৈয়াৰ কৰিছিল আৰু ভাবিছিল যে ভাৰতীয় দলে তেওঁলোকৰ দুৰ্দান্ত গতিৰ সমুখত তিষ্ঠিব নোৱাৰিব ৷ পিচে কাজেই কথাটো ওলোটাহে হ’ল ৷
মেচখনত প্ৰথমে বেটিং কৰি দঃ আফ্ৰিকা ভাৰতীয় বলাৰৰ সমুখত দিশহাৰা হৈ পৰে আৰু ২৩.২ অভাৰত ৫৫ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায় ৷ ভাৰতে ৩৪.৫ অভাৰত ১৫৩ ৰাণ কৰি অল আউট হয় ৷ শেষৰ ১১ টা বলত কোনো ৰাণ নকৰাকৈ ভাৰতৰ ৬ টা উইকেটৰ পতন ঘটে ৷ যিটো অতিকৈ দুৰ্ভাগ্যজনক ৷ দ্বিতীয় ইনিংছত দঃ আফ্ৰিকাই মাৰ্ক্ৰামৰ শতকৰ সহায়ত ৩৬.৫ অভাৰত ১৭৬ ৰাণ কৰি অল আউট হয় ৷ ৭৯ ৰাণৰ লক্ষ্য লৈ বেটিং আৰম্ভ কৰা ভাৰতে অনায়াসে খেলখনত জয়লাভ কৰে ৷ দ্বিতীয় দিনৰ সমাপ্তিৰ পূৰ্বেই খেলখনৰ আধ্যা পৰে ৷
দুদিনৰ ভিতৰত অন্ত পৰা কেইখন মান টেষ্ট মেচ:
ইংলেণ্ড বনাম অষ্ট্ৰেলিয়া, দ্য অভেল, ১৮৮২
ইতিহাসৰ এইখন আছিল নৱমখন টেষ্ট মেচ । প্ৰথম ইনিংছত ৬৩ ৰানত অষ্ট্ৰেলিয়াৰ গতি স্তব্ধ হয় যদিও ফ্ৰেড ডেমন স্প’ফৰ্থৰ ৭ উইকেটৰ সহায়ত ইংলেণ্ডক প্ৰথম ইনিংছত ১০১ ৰানত সীমাবদ্ধ কৰি ৰখাত সফল হয় । হিউ মেছিৰ ৫৫ ৰানৰ সত্ত্বেও দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ দলটোৱে মাত্ৰ ১২২ ৰানহে কৰিবলৈ সক্ষম হৈছিল । ডব্লিউ জি গ্ৰেচৰ ৩২ ৰান সত্ত্বেও ইংলেণ্ডে স্প’ফৰ্থৰ হাতত বিধ্বস্ত হয় । স্প’ফৰ্থে ৪৪ ৰানত ৭ টা উইকেট দখল কৰে, যাৰ বাবে ইংলেণ্ড দলটোৱে ৭৭ ৰানত অল আউট হয় আৰু ৭ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।
ইংলেণ্ড বনাম অষ্ট্ৰেলিয়া, লৰ্ডছ, ১৮৮৮
অষ্ট্ৰেলিয়াই এই দুটা ইনিংছত ১১৬ আৰু ৬০ ৰান সংগ্ৰহ কৰাৰ পিছত ইংলেণ্ডক ৫৩ আৰু ৬২ ৰানত আউট কৰি ৬১ ৰানত জয়লাভ কৰে ।
ইংলেণ্ড বনাম অষ্ট্ৰেলিয়া, দ্য অভেল, ১৮৮৮
এইবাৰ ইংলেণ্ডে দুদিনৰ ভিতৰতে এটা ইনিংছ আৰু ১৩৭ ৰানত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি পূৰ্বৰ পৰাজয়ৰ পোতক তোলে । অষ্ট্ৰেলিয়াই ৮০ আৰু ১০০ ৰানত আউট হোৱাৰ বিপৰীতে আয়োজক দলটোৱে একমাত্ৰ ইনিংছত ৩১৭ ৰান সংগ্ৰহ কৰে ।
ইংলেণ্ড বনাম অষ্ট্ৰেলিয়া, মানচেষ্টাৰ, ১৮৮৮
প্ৰথমে বেটিং কৰি ইংলেণ্ডে ডব্লিউ জি গ্ৰেচৰ ৩৮ ৰানৰ সহায়ত ১৭২ ৰান সংগ্ৰহ কৰে । দুয়োটা ইনিংছতে অষ্ট্ৰেলিয়াই ১০০ ৰানৰ সীমা স্পৰ্শ কৰিব নোৱাৰিলে । দলটোৱে ৮১ আৰু ৭০ ৰান সংগ্ৰহ কৰি মেচখনত এটা ইনিংছ আৰু ২১ ৰাণত পৰাস্ত হয় ।
দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড, প’ৰ্ট এলিজাবেথ, ১৮৮৯
অৱশেষত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বাহিৰেও ক্ৰিকেট নতুন স্থানত উপনীত হ’ল । প’ৰ্ট এলিজাবেথত দক্ষিণ আফ্ৰিকাৰ ৮৪ আৰু ১২৯ ৰান প্ৰত্যুত্তৰত ইংলেণ্ডে ৬৭ আৰু ১৪৮ ৰান সংগ্ৰহ কৰি ৮ উইকেটত জয়লাভ কৰে ।
দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড, কেপ টাউন, ১৮৮৯
শৃংখলাৰ দ্বিতীয়খন খেলো দুদিনৰ ভিতৰতে সমাপ্ত হয় । ইংলেণ্ডে প্ৰথমে বেটিং কৰি ববি এবেলৰ ১২০ ৰানৰ সহায়ত তেওঁলোকৰ একমাত্ৰ ইনিংছত ২৯২ ৰান সংগ্ৰহ কৰে । ১৭ ৰানত ৭ উইকেট আৰু ১১ ৰানত ৮ উইকেট দখল কৰি দক্ষিণ আফ্ৰিকাৰ বেটিং ধ্বংস কৰে জনী ব্ৰিগছে৷ আয়োজক দলটোৱে এই দুটা ইনিংছত মাত্ৰ ৪৭ আৰু ৪৩ ৰানহে কৰিব পাৰিছিল আৰু ইংলেণ্ডে এটা ইনিংছ আৰু ২০২ ৰানত জয়লাভ কৰিছিল ।
ইংলেণ্ড বনাম অষ্ট্ৰেলিয়া, দ্য অভেল, ১৮৯০
অষ্ট্ৰেলিয়াৰ দলটোৱে ৯২ আৰু ১০২ ৰান আৰু ইংলেণ্ডে ৮ উইকেটত ৯৫ আৰু ১০০ ৰান সংগ্ৰহ কৰি দুদিনৰ ভিতৰতে দুটা উইকেটত জয়লাভ কৰে ।
দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড, প’ৰ্ট এলিজাবেথ, ১৮৯৬
ইংলেণ্ডে ১৮৫ আৰু ২২৬ ৰান সংগ্ৰহ কৰাৰ পিছত দক্ষিণ আফ্ৰিকাক ৯৩ আৰু ৩০ ৰানত অল আউট কৰে । ইংলেণ্ডে ২৮৮ ৰানত জয়লাভ কৰে ৷ ৯.৪ অভাৰত ৭ ৰানত ৮ টা উইকেট দখল কৰে বেগী বলাৰ জৰ্জ লোহমানে ।
দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড, কেপ টাউন, ১৮৯৬
আৰ্থাৰ হিলৰ ১২৪ ৰানৰ সহায়ত ইংলেণ্ডে প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাৰ ১১৫ ৰানৰ বিপৰীতে ২৬৫ ৰান সংগ্ৰহ কৰে । দ্বিতীয় ইনিংছত আয়োজক দলটোক ১১৭ ৰানত অল আউট কৰি ইংলেণ্ডে এটা ইনিংছ আৰু ৩৩ ৰাণত জয়লাভ কৰে ।
অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, মানচেষ্টাৰ, ১৯১২
ইংলেণ্ডৰ সৈতে জড়িত ট্ৰাই টেষ্ট ছিৰিজৰ মেচত অষ্ট্ৰেলিয়াই নিজৰ একমাত্ৰ ইনিংছত ৪৪৮ ৰান সংগ্ৰহ কৰাৰ পিছত দক্ষিণ আফ্ৰিকাক ২৬৫ আৰু ৯৫ ৰানত আউট কৰি মেচখন এক ইনিংছ আৰু ৮৮ ৰানত জয়লাভ কৰে ।