নিউজ ডেস্ক, 3 নবেম্বৰ :পাকিস্তান আৰু নিউজিলেণ্ডৰ হাতত শোচনীভাৱে পৰাজিত হোৱাৰ পাচত বুধবাৰে টি-20 বিশ্বকাপৰ এখন নিৰ্ণায়ক মেচত আফগানিস্তানৰ মুখামুখি হ’ব টীম ইণ্ডিয়া ৷ এই খেল খনত জয়ী হোৱাতো কোহলী বাহিনীৰ বাবে নিতান্তই প্ৰয়োজনীয় হিচাপে বিবেচিত হৈছে ৷
কিয়নো টুৰ্ণামেন্টত নিজৰ স্থান সুনিশ্চিত কৰিবৰ বাবে যিকোনো প্ৰকাৰে আজি জয়ী হোৱাতো প্ৰয়োজন ভাৰতৰ বাবে ৷ অৱশ্যে এই খেলখনত বিজয়ী হোৱাতোৱেই ভাৰতৰ বাবে যথেষ্ট নহয় ৷