নিউজ ডেস্ক, 5 নৱেম্বৰ : স্কটলেণ্ডৰ বিৰুদ্ধে সহজ জয় টীম ইণ্ডিয়াৰ ৷ T20 বিশ্বকাপ 2021 ৰ এখন গুৰুত্বপূৰ্ণ খেলত আজি স্কটলেণ্ডৰ মুখামুখি হয় ভাৰত ৷ টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৷
খেলৰ আৰম্ভণিৰে পৰা নিয়মীয়া গতিত উইকেট হেৰুৱাবলৈ ধৰে স্কটলেণ্ডৰ দলটোৱে ৷ 17.4 টা বলত মাত্ৰ 85 ৰাণ কৰি অল আউট হয় স্কটলেণ্ড ৷ ভাৰতৰ সন্মুখত জয়ৰ বাবে বান্ধি দিয়ে 86 ৰাণৰ লক্ষ্য ৷
ভাৰতৰ হৈ মহম্মদ শ্বামী আৰু ৰবীন্দ্ৰ জাডেজাই 3 টাকৈ উইকেট দখল কৰাৰ বিপৰীতে যশপ্ৰীট বুমৰাহে 2 টা আৰু ৰবীচন্দ্ৰন আশ্বিনে 1 টা উইকেট দখল কৰে ৷
আনহাতে, 86 ৰাণৰ লক্ষ্য আগত ৰাখি বেটিং আৰম্ভ কৰা ভাৰতীয় দলৰ দুই অপেনাৰ কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই সুন্দৰভাৱে দলক জয়ৰ দিশে আগুৱাই নিয়ে ৷ কে এল ৰাহুলে 50 ৰাণ আৰু ৰোহিত শৰ্মাই 30 ৰ বৰঙণি আগবঢ়ায় ৷ 6.3 অভাৰতে 2 টা উইকেটৰ বিনিময়ত জয়লাভ কৰে কোহলী বাহিনীয়ে ৷ ভাৰতে পৰৱৰ্তী খেলখনত মুখামুখি হ’ব নামিবিয়াৰ ৷
আজিৰ খেলখন ভাৰতৰ বাবে মৰণ পণ যুঁজ হিচাপে পৰিগণিত হৈছিল ৷ টুৰ্নামেণ্টৰ আৰম্ভণিৰ দুখন মেচত পাকিস্তান আৰু নিউজিলেণ্ডৰ হাতত পৰাস্ত হোৱাত কঠিন প্ৰত্যাহ্বান আহি পৰে কোহলী বাহিনীৰ সন্মুখত ৷