স্পৰ্টছ ডেস্ক,১৩ মাৰ্চ: টি-২০ ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক উইকেট লাভ কৰা বলাৰৰ তালিকাৰ শীৰ্ষত অৱতীৰ্ণ হ'ল য়ুজৱেন্দ্ৰ চাহাল । ইংলেণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে অনুষ্ঠিত প্ৰথমখন টি-২০ ত এটা উইকেট দখল কৰাৰ লগে লগে তালিকাৰ শীৰ্ষত অৱতীৰ্ণ হ'ল খেলুৱৈগৰাকী । নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে হোৱা প্ৰথম টি-২০ত ইংলেণ্ডৰ অপেনাৰ জছ বাটলাৰৰ উইকেট লাভ কৰাৰ লগে লগে ৬০ টা উইকেটেৰে শীৰ্ষ স্থান লাভ কৰে চাহালে । আনহাতে ভাৰতীয় বলাৰ যশপ্ৰীত বুমৰাহক অতিক্ৰম কৰে স্পীনাৰ গৰাকীয়ে ।
বুমৰাহে ৫০ খন টি-২০ ৰ ভিতৰত ৫৯ টা উইকেট লাভ কৰিছিল আৰু চাহালে ৪৬ খন টি-২০ খেলি ৬০ টা উইকেট লাভ কৰে । ইংলেণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে খেলা এই খন খেলৰ জৰিয়তে ১০০ খন আন্তঃৰাষ্ট্ৰীয় খেলত ভৰি দিছে চাহালে । লেগ স্পীনাৰজনে ২০১৬ চনত হাৰাৰেত জিম্বাবৱেৰ বিৰুদ্ধে প্ৰথমখন টি-২০ খেলিছিল । এদিনীয়া ক্ৰিকেটত চাহালৰ ৫৪ খন খেলত মুঠ ৯২ টা উইকেট লাভ কৰে ।