অসম

assam

ETV Bharat / sports

টি-২০ ত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা বেটছমেনৰ তালিকাৰ শীৰ্ষত কোহলী - নিউজিলেণ্ডৰ মাৰ্টিন গাপ্টিল

টি-২০ ত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা বেটছমেনৰ তালিকাৰ শীৰ্ষত অৱতীৰ্ণ হ'ল ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী । নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে হোৱা দ্বিতীয়খন টি-২০ ত ৭৩ ৰাণ সংগ্ৰহ কৰি এতিয়ালৈ টি-২০ ত ৩,০০০ ৰাণ অতিক্ৰম কৰে কোহলীয়ে ।

টি-২০ ত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা ভাৰতীয়ৰ শীৰ্ষত কোহলী
টি-২০ ত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা ভাৰতীয়ৰ শীৰ্ষত কোহলী

By

Published : Mar 15, 2021, 12:56 PM IST

স্পৰ্টছ ডেস্ক, ১৫ মাৰ্চ: টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা বেটছমেনৰ তালিকাৰ শীৰ্ষত অৱতীৰ্ণ হ'ল অধিনায়ক বিৰাট কোহলী । ইংলেণ্ডৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত দ্বিতীয়খন টি-২০ ত ৭৩ ৰাণ সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষত অৱতীৰ্ণ হ'ল কোহলী । দেওবাৰে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন টি-২০ ত ৭৩ ৰাণ সংগ্ৰহ কৰি এতিয়ালৈ টি-২০ ত ৩,০০০ ৰাণ অতিক্ৰম কৰে । কোহলীয়ে এতিয়ালৈ ৮৭ খন টি-২০ খেলত ৩,০০১ ৰাণ সংগ্ৰহ কৰে ।

ইফালে, কোহলীৰ পাছত নিউজিলেণ্ডৰ মাৰ্টিন গাপ্টিল দ্বিতীয় স্থানত আছে । মাৰ্টিনে এতিয়ালৈ ৯৯ খন টি-২০ খেলত ২,৮৩৯ ৰাণ সংগ্ৰহ কৰিছে । আনহাতে, ভাৰতৰ ৰোহিত শৰ্মাই ১০৮ খন টি-২০ খেলত ২,৭৭৩ ৰাণ সংগ্ৰহ কৰি তালিকাৰ তৃতীয় স্থানত আছে ।

দেওবাৰৰ খেলখনত ১৯ অভাৰত কোহলীৰ ৭৩ ৰাণৰ উপৰিও নবাগত ঈশান কিষাণৰ অৰ্ধ শতক ৰাণে ইংলেণ্ডক ১৬৫ ৰাণৰ লক্ষ্য বান্ধি দিয়ে । আনহাতে, মঙলবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয়খন টি-২০ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: মিথালী ৰাজৰ অভিলেখ

ABOUT THE AUTHOR

...view details