স্পৰ্টছ ডেস্ক,১৮ মাৰ্চ:বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব ভাৰত আৰু ইংলেণ্ডৰ মাজত চতুৰ্থখন টি-২০ মেচ । এই খেলত যিকোনো প্ৰকাৰে জয়ৰ লক্ষ্য আগত ৰাখিছে ভাৰতীয় দলটোৱে । এতিয়া সকলোৰে দৃষ্টি থাকিব কেনেদৰে ভাৰতীয় দলটোৱে খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে । কিয়নো ইতিমধ্যে ভাৰতীয় দলটোৱে ইংলেণ্ডৰ হাতত দুখন খেলত পৰাজিত হৈছে । সেয়ে এইখেলখন অতি গুৰুত্বপূৰ্ণ হ'ব দলটোৰ বাবে ।
অৱশ্যে ভাৰতে প্ৰথম বেটিঙৰ সুবিধা পাব নে বলিঙৰ সুবিধা পাব সেয়া লক্ষণীয় হব কিয়নো শৃংখলাৰ দুখন খেলত ভাৰতে প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু পৰাজিত হৈছিল ৷ প্ৰতিখন খেলতে ভাৰতে পাৱাৰপ্লে'ত সংগ্ৰাম কৰিবলগীয়া হৈছিল আৰু একোজন বেটছমেনে ভাল প্ৰদৰ্শন কৰিলেও দলীয় মুঠ ৰাণত প্ৰভাৱান্বিত কৰিছিল ।
দলত পূৰ্বৰ খেলুৱৈসকলেই খেলিব নে নতুন কোনোবা অন্তৰ্ভূক্ত হ'ব তাকলৈও চিন্তা চৰ্চা চলিছে । অৱশ্যে বিৰাট কোহলীয়ে ইতিমধ্যে নিশ্চিতি প্ৰদান কৰিছে যে অপেনিঙত ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ যুগলবন্দী অব্যাহত থাকিব ।