স্পৰ্টছ ডেস্ক,১৯ মাৰ্চ:বৃহস্পতিবাৰে অনুষ্ঠিত ভাৰত বনাম ইংলেণ্ডৰ চতুৰ্থ টি-২০ত বিজয় সাব্যস্ত কৰে ঘৰুৱা দল ভাৰতে । এই খেলৰ অন্তিম অ'ভাৰ আছিল শ্বাসৰুদ্ধকৰ । ভাৰতৰ হৈ শ্বাৰদুল ঠাকুৰে এই অন্তিম অ'ভাৰত নিজৰ উন্নত প্ৰদৰ্শন দেখুৱাইছিল যাৰ বাবে খেলখনত জয়ৰ মুখ দেখিবলৈ সক্ষম হয় ভাৰতীয় দলটো । অন্তিম অ'ভাৰত উন্নত প্ৰদৰ্শন কৰি শ্বাৰদুল ঠাকুৰে কয় যে তেওঁক সংকটপূৰ্ণ অভাৰটোত বলিং কৰাৰ সময়ত ৰোহিত শৰ্মাই বিশেষ উৎসাহ আৰু প্ৰেৰণা দিছিল ।
ঠাকুৰে ১৬ সংখ্য়ক অ'ভাৰত দুটাকৈ বলত ষ্টকছ আৰু ম'ৰ্গানৰ দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰাৰ লগে লগে খেলখন ভাৰতৰ হাতলৈ ঘূৰি আহিছিল । ঠাকুৰে ৪ অ'ভাৰত ৪২ ৰাণ দি ৩ টা উইকেট লাভ কৰাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়া আৰু দীপক চাহাৰেও উভয়ে দুটাকৈ উইকেট লাভ কৰে ।