অসম

assam

ETV Bharat / sports

Daniel Vettori New Head Coach of SRH : ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰশিক্ষক সলনি; লাৰাৰ স্থলাভিষিক্ত ডেনিয়েল ভেট্টৰী - Daniel Vettori replace Brian Lara as SRH coach

আইপিএল ফ্ৰেঞ্চাইজি ছানৰাইজাৰ্ছ হায়দৰাবাদে নিউজীলেণ্ডৰ প্ৰাক্তন অভিজ্ঞ স্পিনাৰ তথা অধিনায়ক ডেনিয়েল ভেট্টৰীক আইপিএলৰ পৰৱৰ্তী ছিজনৰ বাবে দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে । ভেট্টৰীয়ে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ব্ৰায়ান লাৰাৰ স্থান ল'ব ।

Daniel Vettori New Head Coach of SRH
Daniel Vettori New Head Coach of SRH

By

Published : Aug 7, 2023, 6:05 PM IST

স্পৰ্টছ ডেস্ক, ৭ আগষ্ট :ছানৰাইজাৰ্ছ হায়দৰাবাদে সলনি কৰিলে মুখ্য প্ৰশিক্ষক । নিউজীলেণ্ডৰ প্ৰাক্তন স্পিনাৰ ডেনিয়েল ভেট্টৰীক আইপিএলৰ পৰৱৰ্তী ছিজনৰ বাবে মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । ভেট্টৰী ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ব্ৰায়ান লাৰাৰ স্থলাভিষিক্ত হ'ব । আইপিএল ২০২৩-ত দলটোৰ হতাশজনক প্ৰদৰ্শনৰ পিছত তেওঁক এই পদৰ পৰা আঁতৰাই দিয়া হৈছে ।

উল্লেখ্য যে আইপিএল ২০২৩-ত হায়দৰাবাদ দলটোৰ প্ৰদৰ্শন অতি দুৰ্বল আছিল । দলটোৱে লীগ পৰ্যায়ত ১৪ খন মেচৰ ভিতৰত মাত্ৰ ৪ খনতহে জয়লাভ কৰি পইণ্ট তালিকাৰ অন্তিম স্থান দশম স্থানত অভিযান সামৰে । যাৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদে নতুন ছিজনৰ বাবে দলটোৰ মুখ্য প্ৰশিক্ষক সলনি কৰিছে ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ নতুন প্ৰশিক্ষক ডেনিয়েল ভেট্টৰীয়ে ইতিমধ্যে আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়কত্ব কৰিছে । আনহাতে, ২০১৪ চনৰ পৰা ২০১৮ চনলৈ আৰচিবিৰ মুখ্য প্ৰশিক্ষকো আছিল । ভেট্টৰীয়ে বৰ্তমান অষ্ট্ৰেলিয়াৰ পুৰুষ দলৰ সহকাৰী প্ৰশিক্ষক হিচাপে কাম কৰি আছে ।

ভেট্টৰীৰ দায়িত্ব হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ দলে হেৰুওৱা গতি পুনৰুদ্ধাৰ কৰা আৰু দলটোক চেম্পিয়ন কৰোৱা । আইপিএলৰ বিগত ছয়টা ছিজনত হায়দৰাবাদে পঞ্চমবাৰৰ বাবে দলটোৰ মুখ্য প্ৰশিক্ষক সলনি কৰিছে । আইপিএল ২০২৩-ৰ পূৰ্বে লাৰাই টম মুডিৰ স্থান লৈছিল ।

উল্লেখ্য, ছানৰাইজাৰ্ছ হায়দৰাবাদ আইপিএল ২০১৬-ত আইপিএল চেম্পিয়ন হৈছিল । সেই সময়ত দলটোৰ অধিনায়কত্ব অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্ণাৰৰ হাতত আছিল আৰু টম মুডি আছিল মুখ্য প্ৰশিক্ষক । কিন্তু তাৰ পিছৰ পৰা দলটোৰ প্ৰদৰ্শন বিশেষ একো উন্নীত হোৱা নাই । দলটোৱে অন্তিমবাৰৰ বাবে ২০২০ চনত প্লে-অফত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ।

আইপিএল ২০২৩-ত দলটো সম্পূৰ্ণৰূপে বিধ্বস্ত ৰূপত দেখা গৈছিল । দলটোৱে খেলৰ প্ৰতিটো বিভাগতে অতি দুৰ্বল প্ৰদৰ্শন কৰিছিল । কিন্তু বৰ্তমান নতুন মুখ্য প্ৰশিক্ষক ভেট্টৰীয়ে নিলামত নতুন খেলুৱৈ বাছনি কৰা আৰু দলটো পুনৰ গঢ়ি তোলাৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব । উল্লেখযোগ্য যে প্ৰশিক্ষক হিচাপে ভেট্টৰীয়ে আৰচিবিক ২০১৫ চনত প্লে অফ আৰু ২০১৬ চনত ফাইনেলত উপনীত হোৱাত সহায় কৰিছিল ।

লগতে পঢ়ক :Asian Champions Trophy hockey: মালয়েছিয়াক পৰাস্ত কৰি ছেমি ফাইনেলৰ কাষ চাপিল ভাৰত

ABOUT THE AUTHOR

...view details