স্পৰ্টছ ডেস্ক, ১ আগষ্ট:২০০৭ চনৰ টি-২০ বিশ্বকাপৰ এটা বিশেষ মুহূৰ্ত । সম্ভৱত প্ৰতিগৰাকী ভাৰতীয় আৰু ক্ৰীড়াপ্ৰেমীৰে সেই মুহূৰ্তটো মনত আছে । সেই সময়ৰ ভাৰতীয় বেটছমেন যুৱৰাজ সিঙে এটা অভাৰত ৬ টাকৈ ছয় কোবাইছিল । সেই অভাৰটো দিছিল ইংলেণ্ডৰ বলাৰ ষ্টুৱাৰ্ট ব্ৰডে । আজি সেইগৰাকী বলাৰে ক্ৰিকেট কেৰিয়াৰ সামৰিলে । ইংলেণ্ডৰ বলাৰগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল'লে । তেওঁৰ অৱসৰে কেৱল ইংলেণ্ডৰে নহয় বিশ্বৰ ক্ৰীড়াপ্ৰেমীক হতাশ কৰি তুলিছে ।
সোমবাৰে অ'ভেলত ষ্টুৱাৰ্ট ব্ৰডে কেৰিয়াৰৰ অন্তিমখন টেষ্ট খেলে । অৱশ্যে পঞ্চম আৰু অন্তিম এছেজ টেষ্টত ইংলেণ্ডক শৃংখলাত সমতা অৰ্জন কৰাত যথেষ্ট সহায় কৰে খেলুৱৈগৰাকীয়ে । তেওঁ টড মাৰ্ফিৰ উইকেট লয় আৰু দলটোক ৪৯ ৰাণত জয়ী হোৱাত সহায় কৰে । ইফালে ৫ খন খেলৰ শৃংখলা এছেজ ২-২ ত সমাপ্ত হয় ।
কিন্তু ষ্টুৱাৰ্ট ব্ৰডৰ অৱসৰে সমগ্ৰ বিশ্বৰ ক্ৰিকেট মহলক উদ্বিগ্ন কৰি তুলিছে । কিয়নো ষ্টুৱাৰ্ট ব্ৰডৰ ক্ৰিকেট কেৰিয়াৰ অতি দৰ্শনীয় আছিল । ইংলেণ্ডৰ প্ৰাক্তন খেলুৱৈ তথা আইচিচিৰ মেচ ৰেফাৰী ক্ৰিছ ব্ৰডৰ পুত্ৰ ষ্টুৱাৰ্ট ব্ৰডৰ এই যাত্ৰা অপৰিসীম স্থিতিস্থাপকতা আৰু কঠোৰ পৰিশ্ৰমৰে ভৰা আছিল । কেৰিয়াৰ আৰম্ভ কৰাৰ সময়তে তেওঁৰ বিৰুদ্ধে এটা অভাৰত যুৱৰাজ সিঙে ৬টা ছয় মাৰিছিল যদিও তেওঁ তাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল ।
কেৰিয়াৰত বহু কেইটা অভিলেখো ৰচনা কৰিছে খেলুৱৈগৰাকীয়ে । ষ্টুৱাৰ্ট ব্ৰডে তেওঁৰ টেষ্ট কেৰিয়াৰ ৬০৫ টা উইকেটৰ সৈতে সমাপ্ত কৰে । এগৰাকী পেচাৰৰ বাবে ই এক অসাধাৰণ কৃতিত্ব । ইফালে ব্ৰডে অৱসৰ ল'লেও এক বিশেষ অভিলেখ সৃষ্টি কৰি থৈ গ'ল । সেয়া হৈছে তেওঁৰ কেৰিয়াৰৰ অন্তিম বলত এটা ৬ মাৰে আৰু টেষ্ট ফৰ্মেটৰ অন্তিম বলটোত এটা উইকেট লোৱা একমাত্ৰ খেলুৱৈ হিচাপে তেওঁ কৃতিত্ব অৰ্জন কৰে ।
উল্লেখ্য যে ফাষ্ট বলাৰসকলে সচৰাচৰ যুটীয়াভাৱে আক্ৰমণ কৰে । ষ্টুৱাৰ্ট ব্ৰডৰ বাবেও এয়া পৃথক নাছিল । জিমি এণ্ডাৰছনৰ সৈতে তেওঁ খেলপথাৰত বিপক্ষ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছিল । বিপক্ষৰ বেটছমেনসকলো একপ্ৰকাৰ ধৰাশায়ী হৈছিল । দুয়োগৰাকী বলাৰে একেলগে ১০৩৯ টা টেষ্ট উইকেট লাভ কৰিছে । যিটো আধুনিক যুগৰ পেচাৰসকলৰ বাবে এক অনুপ্ৰেৰণা হিচাপে বিবেচিত হৈছে ।
ষ্টুৱাৰ্ট ব্ৰডে কেৰিয়াৰ সমাপ্ত কৰাৰ সময়ত টেষ্টত পঞ্চম সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপেও কৃতিত্ব অৰ্জন কৰে । সেই তালিকাত ভাৰতীয় লেগ স্পিনাৰ অনিল কুম্বলে (৬১৯ টেষ্ট উইকেট), জিমি এণ্ডাৰছন (৬৯০ টেষ্ট উইকেট), শ্বেন ৱাৰ্ণ (৭০৮ টেষ্ট উইকেট) আৰু শ্ৰীলংকাৰ এম মুৰলীধৰণ (৮০০ টেষ্ট উইকেট) আছে ।