স্পৰ্টছ ডেস্ক,৪ নৱেম্বৰ :নতুন দিল্লীত পুনৰ বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ লৈছে । প্ৰদূষণে দিল্লীবাসীক উদ্বিগ্ন কৰি তুলিছে । কেৱল এয়াই নহয় আইচিচি বিশ্বকাপৰ অন্যতম দুটা দল ক্ৰমে বাংলাদেশ আৰু শ্ৰীলংকাৰ খেলুৱৈসকলো সমস্যাৰ সন্মুখীন হৈছে । বায়ু প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত শ্ৰীলংকাৰ শনিবাৰৰ প্ৰাৰম্ভিক অনুশীলন বাতিল কৰা হৈছে । ইয়াৰ পূৰ্বে দিল্লীৰ বায়ু প্ৰদূষণ গুৰুতৰ হোৱাৰ লগে লগে বাংলাদেশ দলেও শুকুৰবাৰে অনুশীলন বাতিল কৰিছিল ।
দিল্লীত বায়ুমণ্ডলৰ সূচাংক ৪০৭ত উপনীত হোৱাৰ লগে লগে শ্ৰীলংকাৰ দলটোৱে খেলপথাৰলৈ আহিবলৈ অস্বীকাৰ কৰে । শ্ৰীলংকা ক্ৰিকেটৰ এক সূত্ৰৰ মতে বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে অনুশীলন বাতিল কৰিছে । শ্ৰীলংকাই শনিবাৰে অনুশীলন কৰাৰ কথা আছিল । অৱশ্যে, বাংলাদেশে খেলৰ দুদিন পূৰ্বে অনুশীলনৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । দলটোৱে গধুলি অনুশীলন কৰাৰ কথা আছে !
উল্লেখ্য যে বায়ুৰ সূচাংক ০ আৰু ৫০-ৰ মাজত ভাল বুলি ধৰা হয় । ৫১-১০০লৈ সন্তোষজনক, ১০১-২০০ লৈ মধ্যমীয়া, ২০১-৩০০ লৈ দুৰ্বল, ৩০১-৪০০ লৈ অতি দুৰ্বল আৰু ৪০১-৫০০লৈ গুৰুতৰ বুলি গণ্য কৰা হয় । অৱশ্যে আইচিচিয়ে খেলখন দিল্লীৰ বাহিৰলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা নাই । কিন্তু এনে পৰিস্থিতিত খেলখন অনুষ্ঠিত হ'ব নে নাই সেই সিদ্ধান্ত সময়তহে লোৱা হ'ব ।