স্পৰ্টছ ডেস্ক, ৮ ডিচেম্বৰ : লিজেণ্ডছ লীগ ক্ৰিকেটৰ পৰা আৰম্ভ হোৱা গৌতম গম্ভীৰ আৰু এছ শ্ৰীশান্তৰ মাজৰ বিতৰ্ক বৰ্তমান অধিক গুৰুতৰ হৈ পৰিছে । শ্ৰীশান্ত আৰু গম্ভীৰ দুয়োৱে এই বিতৰ্কৰ পিচত ইজনে সিজনৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । লগতে দুয়োৱে ইজনে সিজনৰ ওপৰত যথেষ্ট বেয়া মন্তব্য কৰা দেখা গৈছে ।
এই বিতৰ্কৰ পিচত গৌতম গম্ভীৰে এটা পোষ্ট কৰে । শ্ৰীশান্তে পোষ্টটোত মন্তব্য কৰি এই বিতৰ্কত যেন জ্বলা জুইত ঘিঁউহে ঢালিলে । শ্ৰীশান্তে পোষ্টটোত গম্ভীৰক অহংকাৰী আৰু শ্ৰেণীহীন বুলি উল্লেখ কৰিছে ।
ঘটনাৰ আৰম্ভণি আছিল এনেধৰণৰ । লিজেণ্ডছ লীগ ক্ৰিকেট, ২০২৩ ৰ এলিমিনেট মেচ আছিল ইণ্ডিয়ান কেপিটেলছ গুজৰাট জায়েণ্টছৰ মাজত । এই মেচখনৰ সময়ত পিটছৰ মাজতে দুয়োগৰাকী খেলুৱৈৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । ইয়াৰ পিচত শ্ৰীশান্তে গম্ভীৰৰ ওপৰত তেওঁক বেয়াকৈ গালি-গালাজ কৰা আৰু তেওঁক ফিক্সাৰ বুলি অভিহিত কৰাৰ অভিযোগ উত্থাপন কৰে ।
আনহাতে, গম্ভীৰে তেওঁৰ ছ'চিয়েল মিডিয়াত কৰা এটা পোষ্টত লিখে, ‘‘যেতিয়া কোনোৱে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে, তেতিয়া হাঁহিব’’ । তেওঁৰ এই পোষ্টটো শ্ৰীশান্তৰ সৈতে সম্পৰ্কিত বিতৰ্কৰ সৈতে জড়িত থকা যেন দেখা গৈছিল ।
শ্ৰীশান্তে বৰ্তমান গম্ভীৰৰ এই পোষ্টটোৰ ওপৰত মন্তব্য কৰি লিখিছে, "আপুনি উচ্চতম ন্যায়ালয়ৰো ওপৰত নেকি । মই আপোনাৰ ফালে চাই হাঁহিছিলো আৰু আপুনি মোক ফিক্সাৰ বুলি ক'লে । আপুনি প্ৰতিগৰাকী খেলুৱৈৰ সৈতে কিয় বিবাদত লিপ্ত হয়, আপোনাৰ সমস্যা কি ? আপুনি এগৰাকী খেলুৱৈ আৰু ভাতৃ হিচাপে আপোনাৰ সীমা অতিক্ৰম কৰিছে । আপুনি আম্পায়াৰকো গালি দিছে । আপুনি এজন অহংকাৰী আৰু শ্ৰেণীহীন ব্যক্তি । আপুনি ফিক্সাৰ শব্দটো এবাৰ নহয়, বহুবাৰ কৈছে । আপুনি যি কৈছিল সেয়া ভুল । ইয়াৰ বাবে আনকি ঈশ্বৰেও আপোনাক ক্ষমা নকৰিব, তেওঁ সকলো চাই আছে’’ ।
লগতে পঢ়ক :আইপিএলৰ নিলামত সকলোৰে দৃষ্টি থাকিব এই কেইজন খেলুৱৈৰ ওপৰত