স্পৰ্টছ ডেস্ক,৩ নৱেম্বৰ :চলিত বিশ্বকাপত শক্তিশালী স্থিতিত আছে ভাৰতীয় দল । এতিয়ালৈ এখনো খেলত পৰাস্ত হোৱা নাই ভাৰত । বৃহস্পতিবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে পুনৰ এবাৰ দুৰ্দান্ত প্ৰদৰ্শন দেখুৱায় । খেলখনত শুভমন গিলৰ ইনিংছটোও আকৰ্ষণীয় আছিল । ৯২ টা বলত ৯২ ৰাণ সংগ্ৰহ কৰে যুৱ ক্ৰিকেটাৰগৰাকীয়ে । ডেংগুত আক্ৰান্ত হোৱাৰ পাছত প্ৰথম দুখন খেল খেলিব নোৱাৰিলেও গিলে বাকী খেলকেইখনত আকৰ্ষণীয় প্ৰদৰ্শন দেখুৱাইছে । অৱশ্যে শ্ৰীলংকাৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমটো শতকৰ পৰা বঞ্চিত হয় খেলুৱৈগৰাকী ।
খেলখনৰ পাছত গিলে কয় যে তেওঁ সম্পূৰ্ণৰূপে ফিট নহয় । ডেংগুত আক্ৰান্ত হোৱাৰ পাছত তেওঁৰ ৪ কিলো ওজন হ্ৰাস হৈছে । গিলৰ মতে তেওঁ শ্ৰীলংকাৰ দলৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ শান্তভাৱে বেটিং কৰিব বিচাৰিছিল ।
গিলৰ মতে কিছুমান বল চিম হৈ আছিল আৰু তেওঁ সেইবোৰ কোবাইছিল । তেওঁ বলাৰসকলৰ ওপৰত হেঁচা দিবলৈ চেষ্টা কৰি আছিল । গিলৰ মতে তেওঁ অন্তিমখন খেলৰ বাহিৰে সকলোবোৰ খেলতে ভাল আৰম্ভণি কৰিছিল । তেওঁৰ মতে শ্ৰীলংকাৰ বিৰুদ্ধে ষ্ট্ৰাইক ৰেট বৃদ্ধি কৰিব বুলি ভাবিছিল । সঁচা অৰ্থত তেওঁ ভবা নাছিল যে মুম্বাইৰ পিটছখন ৪০০ ৰাণৰ উইকেট হ'ব । ভাৰতে ভাল বেটিং কৰিছিল আৰু ৩৫০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় বুলি বুলিও তেওঁ উল্লেখ কৰে ।