স্পৰ্টছ ডেস্ক, ২৭ অক্টোবৰ: পাকিস্তানৰ এটা টেলিভিছন চেনেলত অনুষ্ঠান চলি থকাৰ মাজতে প্ৰাক্তন ক্ৰিকেট খেলুৱৈ ছোৱাইব আখটাৰে ক্ৰিকেট বিশ্লেষকৰ পদ ত্যাগ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে । কিয়নো, চৰকাৰ নিয়ন্ত্ৰিত PTV sportsৰ এগৰাকী এংকৰে অনুষ্ঠান সম্প্ৰচাৰ হৈ থকা সময়তে তেওঁক বাহিৰলৈ যাবলৈ কৈছিল ।
আখতাৰে জনোৱা মতে, মঙলবাৰে টি-২০ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে পাকিস্তানে পাঁচটা উইকেট লাভ কৰি জয় লাভ কৰাৰ পিছত অনুষ্ঠানটোৰ এংকৰে তেওঁৰ সৈতে অভব্য আচৰণ কৰে আৰু তেওঁক অপমান কৰে । ইয়াৰ পাচতে পাকিস্তানৰ হৈ ৪৬ খন টেষ্ট মেচ আৰু ১৬৩ খন এদিনীয়া মেচ খেলা ৪৬ বছৰীয়া আখটাৰে মাইক্ৰ'ফোন আঁতৰাই নিজৰ আসনৰ পৰা উঠি গুচি যায় ।
আশ্চৰ্যজনকভাৱে, অনুষ্ঠানটোৰ এংকৰ নৌমান নিয়াজে তেওঁক উভতি আহিবলৈও অনুৰোধ কৰা নাছিল আৰু লগতে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল । তেওঁ মাথোঁ অনুষ্ঠানটো চলাই নিয়ে । কিন্তু অনুষ্ঠানটোত উপস্থিত থকা আন অতিথি যেনে, ছাৰ ভিভিয়ান ৰিচাৰ্ডছ, ডেভিদ গ'ভাৰ, ৰছিদ লতিফ, উমৰ গুল, আকিব জাভেদ আৰু পাকিস্তান মহিলা ক্ৰিকেট দলৰ কেপ্টেইন ছানা মীৰে ছোৱেইবৰ প্ৰস্থানক লৈ হতভম্ব হৈ পৰে ।
আনহাতে, অনুষ্ঠানটোৰ পৰা আখটাৰৰ প্ৰস্থানৰ বিষয়টো সামাজিক মাধ্যমত চৰ্চিত হৈ পৰে মানুহে নিয়াজক ক্ষমা বিচাৰিবলৈ কৈছিল । আখটাৰ আৰু নিয়াজৰ মাজত হোৱা বিতৰ্কৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছিল । আখটাৰে বুধবাৰে টুইটযোগে এটা ভিডিঅ' পোষ্ট কৰি নিজৰ স্থিতি স্পষ্ট কৰিছিল ।
আখটাৰে টুইটত উল্লেখ কৰিছে, যে, ছ'চিয়েল মিডিয়াত বহু ভিডিঅ' ভাইৰেল হৈ আছে । সেয়ে, তেওঁ নিজৰ স্থিতি স্পষ্ট কৰে । তেওঁৰ মতে, নৌমান নিয়াজে অভব্য আচৰণ প্ৰদৰ্শন কৰি তেওঁক অনুষ্ঠান এৰি যাবলৈ কৈছিল । এয়া তেওঁৰ বাবে যথেষ্ট লজ্জাজনক কথা আছিল ।