অসম

assam

ETV Bharat / sports

ODI World Cup 2023: ভাৰতীয় বিশ্বকাপ দললৈ শুভেচ্ছা শিখৰ ধৱনৰ - India World Cup cricket squad 2023

বিশ্বকাপ দলৰ পৰা বাদ পৰাৰ পিছত পূৰ্বৰ ভাৰতীয় তাৰকা অপেনাৰ শিখৰ ধৱনে আইচিচি বিশ্বকাপ ২০২৩-ৰ বাবে ঘোষিত ১৫ জনীয়া দলটোৰ খেলুৱৈসকলক তেওঁ অভিনন্দন জনাইছে । ধৱনে অন্তিমবাৰৰ বাবে ২০২২ চনৰ ডিচেম্বৰত খেলপথাৰত নামিছিল । তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৩ ছিজনত আকৰ্ষণীয় বেটিঙেৰে পঞ্জাব কিংছক আগবঢ়াই লৈ গৈছিল ।

ODI World Cup 2023
ODI World Cup 2023

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 1:43 PM IST

স্পৰ্টছ ডেস্ক, ৭ ছেপ্টেম্বৰ : ভাৰতীয় তাৰকা অপেনাৰ শিখৰ ধৱনে আইচিচি ক্ৰিকেট বিশ্বকাপ, ২০২৩ৰ বাবে ঘোষিত ভাৰতীয় দলটোক শুভেচ্ছা জনাইছে । উল্লেখ্য যে, ভাৰতৰ নিৰ্বাচিত ১৫ জনীয়া দলটোৰ পৰা বাদ পৰিছে গব্বৰ । অৱশ্যে দলৰ পৰা বাদ পৰিলেও তেওঁ বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ বাছনি কৰা তেওঁৰ সতীৰ্থসকলক অভিনন্দন জনাইছে ।

দলটোৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ লগতে দলৰ সফতাৰ বাবে প্ৰাৰ্থনাও কৰে শিখৰে । লগতে ধৱনে ভাৰতীয় দলটোক পুনৰ বিশ্বকাপ দখল কৰি দেশক গৌৰৱান্বিত কৰিবলৈও আহ্বান জনায় প্ৰশংসা কৰে । ধৱনে এক বিশেষ বাৰ্তা এক্সত (পূৰ্বৰ টুইটাৰ) শ্বেয়াৰ কৰি নিৰ্বাচিত দলটোলৈ তেওঁৰ সমৰ্থন ব্যক্ত কৰিছে । ৩৭ বছৰীয়া ধৱনে ৫ অক্টোবৰৰ পৰা ঘৰুৱা মাটিত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ জয়ৰ পূৰ্ণ সম্ভাৱনাৰ কথাও ব্যক্ত কৰিছে ।

"বিশ্বকাপ ২০২৩ টুৰ্ণামেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ বাছনি কৰা মোৰ সহকৰ্মী দলৰ সতীৰ্থ আৰু বন্ধুবৰ্গক অভিনন্দন ! ১.৫ বিলিয়ন লোকৰ প্ৰাৰ্থনা আৰু সমৰ্থনৰেৰে আপোনালোকে আমাৰ আশা আৰু সপোন কঢ়িয়াই নিছে । আপোনালোকে বিশ্বকাপ পুনৰ ঘৰলৈ ঘূৰাই আনি আমাক গৌৰৱান্বিত কৰক ! আগবাঢ়ি যোৱা টীম ইণ্ডিয়া !" ধৱনে এক্সত লিখিছে ।

উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে (বিচিচিআই) মঙলবাৰে আইচিচি বিশ্বকাপ ২০২৩-ৰ বাবে প্ৰাৰম্ভিক ১৫ জনীয়া দলটো ঘোষণা কৰে । ধৱনক এদিনীয়াত তেওঁৰ দুৰ্বল ফৰ্মৰ বাবে দলৰ পৰা বাদ দিয়া হৈছে । বাংলাদেশৰ বিৰুদ্ধে অন্তিমবাৰৰ বাবে খেলা ধৱনে ২০২২ চনৰ ডিচেম্বৰৰ পৰা এদিনীয়া মেচ খেলা নাই ।

এটা সময়ত ধৱনক ভাৰতীয় ক্ৰিকেট দলৰ নেতৃত্ব বহন কৰা এক অবিচ্ছেদ্য অংশ হিচাপে গণ্য কৰা হৈছিল । যাৰ বাবে এদিনীয়া বিশ্বকাপত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছিল । কিন্তু আন্তৰ্জাতিক ক্ষেত্ৰত শুভমন গিল আৰু ঈশান কিষাণৰ দৰে যুৱ তাৰকাৰ আগমন আৰু দুৰ্বল ফৰ্মত থকাৰ বাবে বহু জ্যেষ্ঠ সদস্যই বাট এৰি দিবলগা হয় ।

উল্লেখ্য, এই বছৰ আইপিএলত ধৱনে তেওঁৰ বেটত ভাল ৰাণ পাইছিল । তেওঁৰ ১৪২.৯১ ষ্ট্ৰাইকৰেটৰ সৈতে বেটিং গড় আছিল ৪১.৪৪১ । পঞ্জাব কিংছৰ হৈ খেলা ধৱনে শেহতীয়া আইপিএলত ১১ খন মেচত ৩৭০ ৰাণ কৰিছিল ।

লগতে পঢ়ক :ICC world cup 2023 : ICC এদিনীয়া বিশ্বকাপ ২০২৩ ৰ বাবে পুনৰ প্ৰায় ৪ লাখ টিকট মুকলি কৰিব BCCI য়ে

For All Latest Updates

ABOUT THE AUTHOR

...view details