স্পৰ্টছ ডেস্ক,৩০ অক্টোবৰ :পুনৰ এবাৰ ভাৰতীয় পেচাৰ মহম্মদ ছামীৰ হাতৰ যাদুৱে ভাৰতক ২ পইণ্ট লাভ কৰাত সহায় কৰিলে । দেওবাৰে লক্ষ্ণৌত ছামীয়ে একপ্ৰকাৰ ইংলেণ্ডৰ বেটিং লাইনআপক ধৰাশায়ী কৰিলে । ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত ৩৩ বছৰীয়া ছামীয়ে মাত্ৰ ২২ ৰাণ দি ৪ টাকৈ উইকেট লাভ কৰে । তেওঁৰ উন্নত প্ৰদৰ্শনৰ বাবে ভাৰতে ইংলেণ্ডক ১০০ ৰাণত পৰাস্ত কৰিবলৈ সক্ষম হয় ।
ভাৰতে প্ৰথমে বেটিং কৰে আৰু অধিনায়ক ৰোহিত শৰ্মাৰ ৮৭ ৰাণৰ আকৰ্ষণীয় ইনিংছৰ সৈতে ৯ টা উইকেটত মাত্ৰ ২২৯ ৰাণহে কৰিবলৈ সক্ষম হয় । এয়া সন্মানজনক স্ক'ৰ আছিল যদিও ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বাবে এয়া কোনো ডাঙৰ স্ক'ৰ যেন লগা নাছিল । কিন্তু ভাৰতীয় বলাৰৰ দুৰ্দান্ত প্ৰদৰ্শনে ৩৫ অভাৰত মাত্ৰ ১২৯ ৰাণতে ইংলেণ্ডক বান্ধি ৰাখিলে । ইংলেণ্ডৰ বিৰুদ্ধে এই জয় ভাৰতৰ বাবে স্মৰণীয় হৈ ৰ'ব ।
ছামীয়ে খেলখনত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন পেচাৰ এলান ডনাল্ডৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় । হোৱাইট-লাইটনিং বুলি জনাজাত ডনাল্ডে এদিনীয়া বিশ্বকাপত ২২ খন মেচত ৩৮ টা উইকেট লাভ কৰিছিল । কিন্তু ছামীয়ে মাত্ৰ ১৩ খন মেচতে ৪০ টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে । ইফালে যোৱা দুখন খেলত ছামীয়ে ৯ টা উইকেট লাভ কৰিছে । নিউজীলেণ্ডৰ বিৰুদ্ধে ৫ টা উইকেট আৰু তাৰ পাছত দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ৪ টা উইকেট ।