স্পৰ্টছ ডেস্ক, ৭ নৱেম্বৰ : বাংলাদেশ ক্ৰিকেট দলৰ বাবে মোক্ষম আঘাত । চলিত বিশ্বকাপৰ পৰৱৰ্তী মেচত অংশগ্ৰহণ কৰিব নোৱাৰে অভিজ্ঞ অলৰাউণ্ডাৰ তথা বাংলাদেশৰ অধিনায়ক চাকিব আল হাচানে । তেওঁ বাঁওহাতৰ তৰ্জনী আঙুলিত আঘাতৰ বাবে চলিত ক্ৰিকেট বিশ্বকাপৰ পৰা বাহিৰ হৈছে । সোমবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে বাংলাদেশৰ অন্তিম লীগ পৰ্যায়ৰ মেচত বেটিং কৰি থাকোঁতে চাকিব আঘাতপ্ৰাপ্ত হৈছিল ।
উল্লেখ্য যে মেচখনত শ্ৰীলংকাৰ বিৰুদ্ধে বাংলাদেশৰ তিনি উইকেটৰ বিজয়ত চাকিবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁ ৮২ ৰাণ সংগ্ৰহ কৰিছিল । শ্ৰীলংকাৰ বিৰুদ্ধে মেচৰ পিছত কৰা এক্স-ৰেত তেওঁৰ আঙুলি ভঙাটো নিশ্চিত হয় । উল্লেখ্য যে ১১ নৱেম্বৰত পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বাংলাদেশে অন্তিম লীগ মেচত অৱতীৰ্ণ হ'ব । কিন্তু তাৰ পূৰ্বেই চাকিব টুৰ্ণামেণ্টখনৰ বাহিৰ হ'বলগীয়া হয় ।
বাংলাদেশ দলৰ ফিজিঅ' বাইজেদুল ইছলাম খানে আঘাতৰ বিষয়ে কয়, "চাকিবে তেওঁৰ ইনিংছৰ আৰম্ভণিতে বাঁওহাতৰ তৰ্জনী আঙুলিত আঘাত পায় । কিন্তু সহায়ক টেপিং আৰু পেইনকিলাৰেৰে তেওঁ বেটিং অব্যাহত ৰাখিছিল ।" খানে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) ৱেবছাইটত এনেদৰে কয় ।