স্পৰ্টছ ডেস্ক, ১৪ ডিচেম্বৰ: পুৰণি বাহনৰ ৰিটেইলিং প্লেটফৰ্ম স্পিনীৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক(Sachin joins Spinny as lead brand endorser) । লগতে তেওঁ কোম্পানীটোৰ সৈতে কৌশলগত বিনিয়োগকাৰী হিচাপেও কাম কৰিব(Sachin Tendulkar invests in Spinny) । কোম্পানীটোৱে মঙলবাৰে এক বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰে । কিন্তু শচীন তেণ্ডুলকাৰে কোম্পানীটোত কৰা বিনিয়োগৰ পৰিমাণ তেওঁলোকে ৰাজহুৱা কৰা নাই ।
শেহতীয়াকৈ, স্পিনীয়ে পুঁজিৰ ২৮৩ নিযুত আমেৰিকান ডলাৰৰ চিৰিজ-ই ৰাউণ্ডৰ সৈতে সমাপ্ত কৰে আৰু ইয়াৰ পাচতে প্লেটফৰ্মৰ দ্বাৰা সংগ্ৰহ কৰা মুঠ মূলধন ৫৩০ নিযুতৰো অধিক হয়গৈ । এতিয়া ভাৰতীয় ক্ৰীড়া কিংবদন্তী শচীন তেণ্ডুলকাৰে কোম্পানীটোৰে অংশীদাৰিত্ব কৰিছে(Sachin Tendulkar joins Spinny) । স্পিনীৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া নিৰজ সিঙে কয় যে, স্পিনীৰ সৈতে শচীন তেণ্ডুলকাৰৰ এই অংশীদ্বাৰিত্ব অতি গুৰুত্বপূৰ্ণ । শচীনক দলৰ অৰ্থাৎ কোম্পানীটোৰ নতুন অধিনায়ক আখ্যা দি নিৰজ সিঙে তেওঁ আদৰণি জনায় ।