অসম

assam

ETV Bharat / sports

Indian Cricket Team : বিৰাট কোহলীৰ পিছত ভাৰতক নেতৃত্ব দিবলৈ আগ্ৰহী নাছিল ৰোহিত শৰ্মা, প্ৰকাশ কৰিলে সৌৰভ গাংগুলীয়ে - Indian Cricket Team

ৰোহিত শৰ্মাৰ অধিনায়কত্ব সন্দৰ্ভত বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে ভাৰতীয় দলৰ নেতৃত্ব ল’বলৈ ৰোহিত বিশেষ আগ্ৰহী নাছিল বুলি উল্লেখ কৰিছে ৷

Indian Cricket Team
ৰোহিত শৰ্মাৰ অধিনায়কত্ব সন্দৰ্ভত সৌৰভ গাংগুলী

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 8:55 PM IST

স্পৰ্টছ ডেস্ক, 10 নৱেম্বৰ : বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মা ভাৰতৰ অধিনায়ক হ’বলৈ আগ্ৰহী নাছিল আৰু বিৰাট কোহলীয়ে অধিনায়কত্ব এৰাৰ পিছত ভাৰতীয় বেটছমেনজনক অধিনায়কত্ব ল’বলৈ পতিয়ন নিয়াবলগীয়া হোৱা বুলি বিচিচিআইৰ প্ৰাক্তন সভাপতি তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে প্ৰকাশ কৰিছে ৷

2021 চনত বিৰাট কোহলীয়ে টি-20 ৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰিছিল যদিও অন্যান্য ফৰ্মেটত দলটোৰ অধিনায়কত্বৰ বাবে আগ্ৰহী আছিল ৷ অৱশ্যে নিৰ্বাচকসকলৰ মতামত আছিল যে ভাৰতত হোৱাইট বলৰ ফৰ্মেটত এজন অধিনায়ক থাকিব লাগে আৰু সেয়েহে কোহলীক এদিনীয়াৰ অধিনায়ক পদৰ পৰা আতঁৰোৱা হয় ৷ ইয়াৰ পিছতে ৰোহিত শৰ্মাই এদিনীয়া আৰু টি-20 ত ভাৰতীয় দলৰ অধিনায়কত্ব গ্ৰহণ কৰে ৷

তেতিয়া সৌৰভ গাংগুলী বিচিচিআইৰ সভাপতি আছিল আৰু তেওঁ ইয়াৰ আঁৰৰ কিছু কথা প্ৰকাশ কৰিছে ৷ গাংগুলীয়ে উল্লেখ কৰিছে যে ৰোহিতে নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰিবলৈ বেছি আগ্ৰহী নাছিল যদিও তেওঁ ৰোহিতক এই দায়িত্ব গ্ৰহণ কৰিবলৈ পতিয়ন নিয়াইছিল ৷

"ৰোহিত শৰ্মাই অধিনায়কত্ব নিবিচাৰিছিল কাৰণ সকলো ফৰ্মেট খেলাৰ ক্ষেত্ৰত যথেষ্ট হেঁচা আছিল ৷ ই এনে এটা পৰ্যায়লৈ গৈছিল য'ত মই তেওঁক কৈছিলো যে আপুনি হয় ক'ব লাগিব নহ'লে মই আপোনাৰ নাম ঘোষণা কৰিম ৷ মই সুখী যে তেওঁ তেনে কৰিল ৷" কলকাতাৰ এটা টেলিভিছন চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গাংগুলীয়ে এইদৰে কয় ৷

চলিত আইচিচি ক্ৰিকেট বিশ্বকাপ 2023 ত ভাৰতীয় দলটোক এতিয়ালৈকে 8 মেচত জয়ৰ দিশত আগবঢ়াই নিয়া ৰোহিত শৰ্মাই 122.78 ষ্ট্ৰাইক ৰেটেৰে 8 খন মেচত 442 ৰাণ সংগ্ৰহ কৰি দলৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ ভাৰতীয় অধিনায়কগৰাকীয়ে এই প্ৰতিযোগিতাত এতিয়ালৈকে ৰাষ্ট্ৰীয় দলটোৰ বাবে আক্ৰমণাত্মক আৰম্ভণি প্ৰদান কৰিছে ৷

লগতে পঢ়ক :IND VS AUS T20: হাৰ্দিক পাণ্ডিয়াৰ স্থানত কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ?

ABOUT THE AUTHOR

...view details