স্পৰ্টছ ডেস্ক,৭ জানুৱাৰী :অহা জুনত অনুষ্ঠিত হ'ব পুৰুষৰ টি-২০ বিশ্বকাপ ক্ৰিকেট । ভাৰতীয় দলৰ নিৰ্বাচকসকলেও টি-২০ বিশ্বকাপৰ ওপৰত দৃষ্টি ৰাখিছে । কিন্তু তাৰ পূৰ্বে ১১ জানুৱাৰীৰ পৰা ভাৰত আৰু আফগানিস্তানৰ মাজত টি-২০ শৃংখলা অনুষ্ঠিত হ'ব । ভাৰতীয় নিৰ্বাচকসকলৰ বাবে আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক শৃংখলাৰ বাবে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ মাজত বাছনি কৰাটো সহজ নহয় । দুয়োগৰাকীকে দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে । কিন্তু আই পি এলৰ সময়ত দুয়োগৰাকীৰে ফৰ্ম আগন্তুক টি-২০ বিশ্বকাপ দলত বাছনিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব ।
ইফালে দুয়োগৰাকীৰ অন্তৰ্ভুক্তক লৈ আন এক পৰ্যায়ৰ আলোচনাও হ'ব পাৰে । ভাৰতীয় ক্ৰিকেট ব'ৰ্ডৰ (বিচিচিআই) জ্যেষ্ঠ বিষয়াসকলে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব পাৰে । নিৰ্বাচকসকলৰ অধ্যক্ষ অজিত আগৰকাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ সময়ত দুয়োগৰাকী খেলুৱৈৰ সৈতে বাৰ্তালাপ কৰিছিল । কিন্তু বহুতো বাহ্যিক কাৰক আছে যিবোৰ বিচিচিআইৰ সচিব জয় শ্বাহৰ লগতে আন বিষয়াসকলে আলোচনা কৰি সিদ্ধান্ত ল'ব পাৰে ।
লক্ষণীয়ভাৱে ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি-২০ শৃংখলাৰ বাবে মাজত মাত্ৰ ৫ দিন বাকী আছে । কিন্তু বিচিচিআইয়ে এতিয়ালৈ ভাৰতীয় দল ঘোষণা কৰা নাই । আগৰকাৰ ভাৰতলৈ উভতি আহিছে আৰু তেওঁ ঘূৰি অহাৰ পিচত অহা ২৪ ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত দলটো ঘোষণা কৰাৰ সম্ভাৱনা আছে । যদি ৰোহিত আৰু কোহলী দুয়োকে প্লেয়িং একাদশত অন্তৰ্ভুক্ত কৰা হয়, তেন্তে দলটোৰ ভাৰসাম্য এক সমস্যা হ'ব পাৰে ।