স্পৰ্টছ ডেস্ক, ১৮ জানুৱাৰী :বুধবাৰে ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি-২০ শৃংখলাৰ অন্তিমখন মেচ আছিল ৰোমাঞ্চ আৰু উত্তেজনাৰে ভৰপূৰ । বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেমিয়ামত উপস্থিত দৰ্শকে এই মেচখনৰ সম্পূৰ্ণ সোৱাদ উপভোগ কৰে । আনহাতে, টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ অপৰাজিত ১২১ ৰাণৰ বৃহৎ ইনিংছে ভাৰতীয় দলটোক কেৱল ২ শতাধিক স্ক'ৰ সংগ্ৰহ কৰাত সহায় কৰাই নহয়, বুধবাৰে আফগানিস্তানৰ বিৰুদ্ধে তেওঁৰ শতকেৰে কেইবাটাও অভিলেখ ভংগ কৰে ।
প্ৰথমটো অভিলখ হৈছে ৰোহিত শৰ্মা টি-২০ আন্তৰাষ্ট্ৰীয়ত পাঁচটা শতক অৰ্জন কৰা প্ৰথমগৰাকী বেটাৰ হিচাপে পৰিগণিত হয় । তেওঁ গ্লেন মেক্সৱেল আৰু সূৰ্যকুমাৰ যাদৱক অতিক্ৰম কৰে । তেওঁলোকৰ নামত চাৰিটাকৈ টি-২০ শতক আছে । ৰোহিতে ৬৯ টা বলত আঠটা ছয়েৰে তেওঁৰ ১২১ ৰাণৰ ইনিংছটো সজায় । আনহাতে, হিটমেন ৰোহিতে ভাৰতৰ টি-২০ অধিনায়ক হিচাপে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বিৰাট কোহলীকো অতিক্ৰম কৰে । ৰোহিতে বৰ্তমান অধিনায়ক হিচাপে ১৫৭৩ ৰাণ সংগ্ৰহ কৰিছে । আনহাতে, প্ৰাক্তন ভাৰতীয় অধিনায়ক কোহলীৰ অধিনায়ক হিচাপে তেওঁৰ নামত আছে ১৫৭০ টি-২০ ৰাণ ।
ৰোহিতৰ সৈতে ৰিংকু সিঙেও ইতিহাসৰ পৃষ্ঠাত নাম লিপিবদ্ধ কৰায় । তেওঁ ৩৬ বছৰীয়া ৰোহিতৰ সৈতে পঞ্চম উইকেটত ১৯০ ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে, যিটো হৈছে ভাৰতৰ বাবে সৰ্বাধিক টি-২০ পাৰ্টনাৰশ্বিপ । ৰোহিতে ভাৰতৰ বিজয়ৰ ক্ষেত্ৰত এক ঈৰ্ষণীয় সফলতাৰ হাৰো অৰ্জন কৰিছে । লগতে তেওঁ ভাৰতৰ অধিনায়ক হিচাপে সৰ্বাধিক টি-২০ জয়ৰ ক্ষেত্ৰত এম এছ ধোনীৰ সমকক্ষ হৈছে ।