স্পৰ্টছ ডেস্ক, ১২ জানুৱাৰী :প্ৰায় ১৪ মাহৰ বিৰতিৰ মূৰত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই বৃহস্পতিবাৰে আফগানিস্তানৰ বিৰুদ্ধে আন্তৰাষ্ট্ৰীয় টি-২০ ফৰ্মেটলৈ উভতি আহে । আফগানিস্থানৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ প্ৰথমখন মেচত মোহালিত ৰোহিত শৰ্মা অৱশ্যে শূন্য ৰাণতে ৰাণ আউট হৈ পেভিলিয়নলৈ উভতি যায় ।
কিন্তু এইটো প্ৰথমবাৰৰ বাবে নহয় যে ৰোহিত শৰ্মা টি-২০ ক্ৰিকেটত শূন্য ৰাণত পেভিলিয়নলৈ উভতিবলগা হৈছে । ইয়াৰ পূৰ্বে ৰোহিত শূন্য ৰাণত আৰু ৫ বাৰ আউট হৈছিল । এতিয়ালৈকে তেওঁ আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত মুঠ ৬ বাৰ শূন্য ৰাণত উইকেট হেৰুৱাইছে । ইয়াৰ পাছতো অৱশ্যে ভাৰতে আফগানিস্তানক ৬ উইকেটত পৰাস্ত কৰে ।
আনহাতে, ৰোহিত শৰ্মা এই মেচখনত শূন্যত আউট হ'লেও কিন্তু তেওঁৰ নামত এটা ডাঙৰ অভিলেখ গঢ়িছে । ৰোহিত বৰ্তমান ১০০ খন আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট মেচত জয়লাভ কৰা বিশ্বৰ প্ৰথমজন খেলুৱৈ হৈ পৰিছে । আফগানিস্তানৰ বিৰুদ্ধে জয়ৰ সৈতে ১০০ খন টি-২০ মেচত তেওঁ জয়লাভ কৰিছে । এই মেচখনৰ পূৰ্বে তেওঁ 99 খন টি-20 মেচত জয়লাভ কৰিছিল । বিশ্বৰ আন কোনো খেলুৱৈয়ে এই কৃতিত্ব অৰ্জন কৰা নাই ।