স্পৰ্টছ ডেস্ক,৩ ডিচেম্বৰ :অষ্ট্ৰেলিয়াৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ । সুস্থ হৈ পুনৰ কমেন্ট্ৰী বক্সলৈ উভতিল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং (Ricky Ponting returns to commentary)। শনিবাৰে অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত প্ৰথম খন টেষ্ট ক্ৰিকেট খেলৰ চতুৰ্থ দিনা কমেন্ট্ৰী বক্সত পুনৰ দেখা গৈছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক ।
টেষ্ট শৃংখলা চলি থকাৰ মাজতে হৃদযন্ত্ৰৰ সমস্যাৰ বাবে চিকিৎসকৰ কাষ চাপিব লগীয়া হৈছিল ক্ৰীড়া তাৰকাগৰাকী । জানিব পৰা মতে বুকুত বিষ আৰু মূৰ ঘূৰোৱা অনুভৱ কৰিছিল খেলুৱৈগৰাকী । তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল (Ponting suffers health scare during commentary)।
খেলখনৰ চতুৰ্থ দিনা শনিবাৰে পণ্টিঙে চেনেল ছেভেনক কয় যে তেওঁৰ বাবে শুকুৰবাৰে বহুলোকে ভয় খাইছিল । এইটো তেওঁৰ বাবে অতি ভয়ংকৰ মুহূৰ্ত আছিল । তৃতীয় দিনাৰ খেলৰ সময়ত তেওঁ কমেন্ট্ৰী বক্সত বহি আছিল । পণ্টিঙে কোৱা মতে যেতিয়া তেওঁ বুকুৰ তীব্ৰ বিষ অনুভৱ কৰিছিল ইয়াক আওকাণ কৰিব বিচাৰিছিল যদিও সেয়া সম্ভৱ হোৱা নাছিল ।