স্পৰ্টছ ডেস্ক,১৭ আগষ্ট :এইবাৰ ভাৰতত অনুষ্ঠিত হ'ব আইচিচি বিশ্বকাপ । তাৰ প্ৰাকক্ষণত ভাৰতৰ বেটিং অৰ্ডাৰকলৈ বিভিন্ন প্ৰশ্ন উঠিছে । শেহতীয়া শৃংখলাবোৰত এই ক্ষেত্ৰত ভাৰতীয় দলটোৱে বহু পৰীক্ষা নিৰীক্ষাও কৰিছে । ইয়াৰ মাজতে ভাৰতীয় দলটোৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে বিৰাট কোহলীৰ বেটিং অৰ্ডাৰকলৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । তেওঁ দাবী কৰা মতে বিৰাট কোহলীয়ে আগন্তুক এছিয়া কাপ আৰু আইচিচি ক্ৰিকেট বিশ্বকাপৰ সময়ত তেওঁৰ বেটিং অৰ্ডাৰ সলনি কৰিব লাগে । তেওঁ কিছু তলত বেটিং কৰিব লাগে বুলিও উল্লেখ কৰে । ইংলেণ্ডত অনুষ্ঠিত ২০১৯ চনৰ বিশ্বকাপৰ সময়ত প্ৰশিক্ষক হৈ থাকোতেও তেওঁ এই কথাই ভাবিছিল ।
ষ্টাৰ স্পৰ্টছৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে ঈশান কিষাণে অপেনিং কৰিব লাগে আৰু প্ৰয়োজন হ'লে বিৰাট, অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমান গিলৰ বেটিং অৰ্ডাৰ সলনি কৰিব লাগে । শাস্ত্ৰীয়ে কোৱা মতে বিৰাটক ক্ৰমৰ তললৈ লৈ যোৱাৰ ফলত শক্তিশালী টপ অৰ্ডাৰ কিছু ভাঙিব আৰু নিম্ন-মধ্যক্ৰমত কিছু অভিজ্ঞতা আৰু বেটিং গভীৰ হ'ব ।
তেওঁ কয় যে ঈশান কিষাণে ক্ৰমৰ শীৰ্ষত বেটিং কৰা উচিত । অধিনায়ক হিচাপে ৰোহিত যথেষ্ট অভিজ্ঞ । তেওঁ তিনি নম্বৰত বা চাৰি নম্বৰত আহিব পাৰে । এই ক্ৰমত খেলুৱৈগৰাকীৰ ফৰ্ম চাব লাগিব । শীৰ্ষত বেটিং কৰাৰ বিপৰীতে যদি ৩ নম্বৰ বা ৪ নম্বৰ বেটিং কৰিবলৈ কোৱা হয় তেন্তে শুভমান গিলে কেনে প্ৰদৰ্শন দেখুৱাব । যদি প্ৰয়োজন হয় বিৰাটে ৪ নম্বৰত বেটিং কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে ।