স্প’ৰ্টছ ডেস্ক, 16 অক্টোবৰ : ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হ’ব প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড় ৷ ই নিশ্চিন্তে ভাৰতীয় ক্ৰিকেটৰ বাবে সুখবৰ ৷ শুকুৰবাৰে IPL ৰ চূড়ান্ত খেলখনৰ সমান্তৰালকৈ অহা T20 বিশ্বকাপৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে NCA ৰ প্ৰধানগৰাকী ৷ সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, "দলৰ গুৰু দায়িত্ব লোৱাৰ বাবে দ্ৰাবিড় সন্মত হৈছে ৷ ইয়াতকৈ বেছি ভাল একো হ’ব নোৱাৰে ৷ বিক্ৰম বেটিং প্ৰশিক্ষক হিচাপে থকাৰ সময়ত আন স্থানবোৰ এতিয়া চোৱা হ'ব । তৰুণ ক্ৰিকেটাৰসকলৰ ভৰ্তিৰে ভাৰতীয় দলটো পৰিৱৰ্তনৰ অৱস্থাত আছে আৰু তেওঁলোক আটায়ে দ্ৰাবিড়ৰ সৈতে কাম কৰিছে ৷ গতিকে এইবেলি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দল হিচাপে ফিল্ডত প্ৰমাণিত কৰিবলৈ ভাৰতীয় দলটোৰ বাবে সহজ হ’ব" ৷
BCCI ৰ বাবে দ্ৰাবিড় সদায় প্ৰথম পচন্দ আছিল ৷ কিন্তু শেহতীয়াকৈ মুখ্য দলৰ ইংলেণ্ড ভ্ৰমণৰ সময়ত দ্ৰাবিড়ে দলটোৰ সৈতে সীমিত অভাৰৰ শৃংখলাৰ বাবে শ্ৰীলংকা ভ্ৰমণ কৰাৰ পিছত সম্পূৰ্ণভাৱে এই দায়িত্ব মূৰ পাতি লোৱাৰ পূৰ্বে BCCI ৰ সভাপতি সৌৰভ গাংগুলী আৰু সম্পাদক জয় শ্বাহে তেওঁৰ সৈতে আলোচনাত মিলিত হ’বলগীয়া হয় ৷